ETV Bharat / state

গহপুৰত ২৫ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ

author img

By

Published : Nov 10, 2020, 1:18 PM IST

গহপুৰ আৰু হাৱাজান আৰক্ষীৰ যুটীয়া অভিযানত জব্দ অবৈধ অৰুণাচলী সুৰা। অভিযানত জব্দ ২৫ কাৰ্টন অবৈধ অৰুণাচলী সুৰা। আবকাৰী বিভাগে সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

গহপুৰত ২৫ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ
গহপুৰত ২৫ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ

বিশ্বনাথ, ১০ নৱেম্বৰ: বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ ব্যৱসায়ীয়ে। সোমবাৰে নিশা গোপন সুত্ৰৰ পম খেদি গহপুৰৰ কলাবাৰীত আৰক্ষীয়ে অভিযান চলায়। গহপুৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত আৰু হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেণ শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলায় অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে। অভিযানত ২৫ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ হয়।

উল্লেখ্য যে, গহপুৰৰ বিভিন্ন ঠাইত দিনক দিনে বৃদ্ধি পাইছে অবৈধ সুৰাৰ ব্যৱসায়। আনহাতে, একাংশ সচেতন লোকে গহপুৰৰ আবকাৰী বিভাগক এই অবৈধ অৰুণাচলী সুৰা নিতৌ গহপুৰৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ হোৱাৰ তথ্য যোগান ধৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলি অভিযোগ উত্থাপিত হৈছে। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্ত, গহপুৰ, ৰাজগড়, বালিজান আদি অঞ্চলৰ পৰা দৈনিক গহপুৰৰ বিভিন্ন অঞ্চললৈ গাড়ীয়ে গাড়ীয়ে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ হৈ থাকে। এই ক্ষেত্ৰত আবকাৰী বিভাগে মৌনতা অৱলম্বন কৰা বাবে অবৈধ সুৰা ব্যৱসায়ীয়ে অবৈধ বেহা চলাই যাবলৈ দু:সাহস কৰিছে। আবকাৰী বিভাগৰ দায়িত্বহীন কাণ্ডত এতিয়া ক্ষুদ্ধ হৈ পৰিছে গহপুৰৰ ৰাইজ।

লগতে পঢ়ক:ধেমাজিত কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.