ETV Bharat / state

Arunachali Aggression in Bihali Forest : বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ পুনৰ আগ্ৰাসন

author img

By

Published : Feb 18, 2023, 8:06 PM IST

বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলী লোকৰ পুনৰ আগ্ৰাসন (Arunachali aggression in bihali reserve forest) । অসমৰ বন বিভাগৰ কাৰ্যালয় জ্বলাই দিয়াৰ হুংকাৰ অৰুণাচলী লোকৰ ।

Biswanath
Biswanath
বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন

বিশ্বনাথ, ১৮ ফেব্ৰুৱাৰী : পুনৰ অসম-অৰুণাচল সীমান্তৰ বিহালীত উত্তেজনা (Assam Arunachal border conflict) । হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ বন বিভাগৰ বন সংৰক্ষণ শিবিৰত (Forest Protection Camp) এদল অৰুণাচলী লোক প্ৰৱেশ কৰি বনৰক্ষী জোৱানক ভাবুকি দিয়ে । উল্লেখযোগ্য যে কিছু দিন পূৰ্বে অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত বৈঠকত মিলিত হৈছিল (Assam Arunachal border issue talks) । তাত সীমা সমস্যাৰ ওপৰত আলোচনা কৰি আঞ্চলিক সমিতি গঠন কৰি সীমা পৰিদৰ্শন কৰিবলৈ দুয়োখন ৰাজ্য চৰকাৰৰ চৰকাৰী প্ৰতিনিধি আৰু মন্ত্ৰী-বিধায়কক প্ৰেৰণ কৰিছিল ।

আলোচনা বৰ্তমানেও অব্যাহত আছে (Assam Arunachal border issue) । কিন্তু সেই আলোচনাৰ সময়ত প্ৰচাৰ হোৱা অনুসৰি সীমা সমস্যা সমাধানৰ প্ৰাথমিক চৰ্ত হিচাপে দখলীকৃত অঞ্চলেই সীমা হিচাপে গণ্য কৰা হ'ব বুলি চলা চৰ্চাৰ লগে লগে এতিয়া নিশা হ'লেই অসম-অৰুণাচল সীমান্তত বসবাস কৰা একাংশ অৰুণাচলী লোকে হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ ভূমি দখলত নামি পৰে । নিশা হ'লেই সীমান্তত প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি মাটি দখলত নামি পৰে একাংশ অৰুণাচলী লোকে (Arunachali aggression in bihali reserve forest) ।

লক্ষ্য ৰাতিটোৰ ভিতৰতে নতুন গাঁও স্থাপন কৰাৰ । লগতে গৃহ নিৰ্মাণ কৰিবলৈও উঠি-পৰি লাগিছে এতিয়া বিহালী সমষ্টিৰ অসম-অৰুণাচল সীমান্তত । গুৰুত্বপূৰ্ণ কথাটো হ'ল, অসম-অৰুণাচলৰ আন্তঃৰাজ্যিক সীমাবিবাদ নিষ্পতিৰ বাবে দ্বিপাক্ষিক আলোচনা অব্যাহত থকাৰ সময়তে পুনৰ অসমৰ ভূমি দখলত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ নামি পৰা ঘটনাই সমগ্র বিশ্বনাথ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি, শেহতীয়াকৈ অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যখনৰ একাংশ লোকে অসমৰ ভূমিত বাসগৃহ নিৰ্মাণ কৰিবলৈ উঠি-পৰি লাগিছে । বিশেষকৈ বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চলৰ বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাধাচু ফৰেষ্ট প্ৰটেকচন কেম্পৰ চৌহদত অৰুণাচলী একাংশ লোকে হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ বন শিবিৰত প্ৰৱেশ কৰি বনৰক্ষী আৰু অসম আৰক্ষীৰ জোৱানক ভাবুকি দিয়ে ।

একাংশ অৰুণাচলী লোকে হাতত চোকা অস্ত্ৰ লৈ অসম-অৰুণাচল সীমান্তত পহৰা দি থকা ৰাধাচু ফৰেষ্ট কেম্পত প্ৰৱেশ কৰি সন্ত্রাস সৃষ্টি কৰাৰ লগতে অৰুণাচলী লোকে সীমান্তত থকা বন বিভাগৰ কাৰ্যালয় জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে । দিনৰ ভাগত যিহেতু অসম আৰক্ষী আৰু বন বিভাগৰ লোকে চোকা নজৰ ৰাখে, যাৰ ফলত অৰুণাচলী লোকে অবৈধ দখল বা গছ-গছনি কাটিবলৈ সুবিধা নাপায় । তেনে ক্ষেত্ৰত নিশাৰ সুযোগ গ্ৰহণ কৰিছে এতিয়া একাংশ অৰুণাচলী লোকে । বিগত কেইবা দিন ধৰি বিহালী সংৰক্ষিত বনাঞ্চলত নিশাৰ ভাগত অৰুণাচলী লোকে পুনৰ আগ্ৰাসন আৰম্ভ কৰিছে ।

ইফালে বন বিভাগে একাংশ অৰুণাচলী লোকে ৰাধাচুত নতুনকৈ ঘৰ সজাৰ খবৰ লাভ কৰি তাত উপস্থিত হৈ ঘৰকেইটা ভাঙি পেলাইছিল বৰগাং বন বিভাগৰ এটা দলে । এই গৃহসমূহ ভাঙি পেলোৱা খবৰ বিয়পি পৰাৰ পিচতেই বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাধাছু ফৰেষ্ট প্ৰটেকচন কেম্পত একাংশ অৰুণাচলী লোকে হাতত চোকা অস্ত্ৰ লৈ বন শিবিৰত উপস্থিত হৈ উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে অৰুণাচলী বেদখলকাৰীক উচ্ছেদ কৰিলে পৰিণাম ভয়াৱহ হ’ব বুলি ভাবুকি দিয়ে । লগতে তেওঁলোকে ৰাধাছুৰ পৰা ফৰেষ্ট প্ৰটেকচন কেম্পটো উঠাই নিবলৈ বন বিভাগক ভাবুকিও দিয়ে । যদি নিৰ্দিষ্ট সময়ত বন শিবিৰ উঠাই নিনিয়ে তেন্তে জ্বলাই দিয়াৰ ভাবুকিও দিয়ে ।

উল্লেখযোগ্য যে সীমা সমস্যা সমাধানৰ প্ৰাথমিক চৰ্ত হিচাপে দখলীকৃত অঞ্চলেই সীমা হিচাপে গণ্য কৰা হ'ব বুলি চৰ্চা হোৱাৰ লগে লগে অৰুণাচলী লোকে ৰাতিটোৰ ভিতৰতে নতুন গাঁও পতাৰ বাবে উঠি-পৰি লাগিছে । কিন্তু দুয়োখন ৰাজ্যৰ সীমাবিবাদক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু ন্যায়ালয়ে দুয়ো পক্ষকে স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পিছতো আদালতৰ নিৰ্দেশনা অমান্য কৰি অৰুণাচলী চৰকাৰ প্ৰশাসনৰ সহযোগত পুনৰ অসমৰ ভুমি অৰুণাচলে আগ্রাসন অব্যাহত ৰখা বিষয়টো বিহালী বিভিন্নৰ দল-সংগঠনে সহজভাৱে ল'ব পৰা নাই । ইফালে হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ ভূমিত প্ৰৱেশ কৰি গছ-গছনি কাটি তহিলং কৰাৰ লগতে বন শিবিৰ কাৰ্যালয় জ্বলাই দিয়া অৰুণাচলীৰ বিৰুদ্ধে শীঘ্ৰে আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিহালীৰ বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক :Burachapori eviction: বেদখল মুক্ত হ'ল বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.