ETV Bharat / state

মুখ্যমন্ত্ৰীক কিদৰে কটাক্ষ কৰিলে ভূপেন বৰাই শুনক

বিশ্বনাথ সমষ্টি বুথ লেভেল এজেণ্ট প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:17 PM IST

APCC president Bhupen Bora comments on upcoming election
বুথ লেভেল এজেণ্ট শিবিৰ
ভূপেন বৰাৰ মন্তব্য

বিশ্বনাথ, ১৬ ডিচেম্বৰ : বিশ্বনাথৰ বৰপুখুৰীত বুথ লেভেল এজেণ্ট শিবিৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শনিবাৰে সাংবাদিকৰ আগত মন্তব্য কৰে যে, সমগ্ৰ অসমত ৩৩,৫৪৪ গৰাকী BLA নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে কংগ্ৰেছে । বিশ্বনাথৰ ২১৮ গৰাকী বুথৰ পৰ্যবেক্ষণকাৰীৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনত কেনেদৰে অৱতীৰ্ণ হ’ব পাৰে তাৰেই আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে ভূপেন বৰাই ।

আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা নিউজ চেনেলত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাহুল গান্ধীৰ বয়স যিমান সিমান সংখ্যকহে আসন লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যদ্বাণী সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদায় ভৱিষ্যদ্বাণী কৰিয়েই থাকে । দেউৰী নিৰ্বাচনৰ সময়ত ১০০ শতাংশ আসন পাম বুলি কৈছিল । এসময় কংগ্ৰেছত থাকোতে কৈছিল যে, ৰবীন বৰদলৈ যদি গুৱাহাটীত হাৰে কিৰিপ চলিহা যদি মঙলদৈত হাৰে তেতিয়া ৰাজনীতিৰ পৰা সন্যাস ল’ব । কিন্তু ল’লে জানো ?

ইফালে আগন্তুক লোকসভা নিৰ্বাচনত কেনেধৰণৰ প্ৰস্তুতিৰে নিৰ্বাচনী ৰণডংকা বজাব বুলি সোধা প্ৰশ্নৰ উত্তৰত সভাপতি ভূপেন বৰাই কয় যে, কেৱল প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ আশাত নিৰ্বাচন নেখেলি বুথ পৰ্যায়ত কোনজন নেতাই নেতৃত্ব ল’ব তাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’বৰ বাবে বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰশিক্ষণৰ দিহা কৰা হৈছে ৷ সেয়েহে শনিবাৰে বিশ্বনাথৰ বৰপুখুৰী চাহ বাগিচাৰ খেল পথাৰৰ এক প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হয় সভাপতি ভূপেন বৰা ৷ ভূপেন বৰাৰ লগতে আজিৰ এই প্ৰশিক্ষণত উপস্থিত থাকে ৰাজ্যিক কংগ্ৰেছৰ নেতা অভিজিৎ হাজৰিকা, প্ৰেমলাল গঞ্জু, বৰ্ণালী ফুকন, ড৹ সঞ্জু বৰুৱাৰ লগতে বহুকেইজন বিষয়ববীয়া ।

লগতে পঢ়ক : আজমলে কৈছে ভূপেন বৰা হেনো পাগল, মুখ্যমন্ত্ৰীয়েও হিন্দী-ইংৰাজী ক’ব নাজানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.