বিশ্বনাথ, 16 নৱেম্বৰঃ বিহালী সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্পৰ মন্ত্ৰী ৰঞ্জিত দত্ত দেওবাৰে বৰগাং চাহ বাগিচাৰ নিবাসী তথা বিজেপি কৰ্মী ৰমেশ তাঁতী বাসগৃহত উপস্থিত হয় । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰমেশ তাঁতী স্বাস্থ্যৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷
![ranjit_dutta_medeal_help](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswaanth-802-15-nov-ranjit-dutta-medeal-help-photo-scrpt-as10018_15112020183724_1511f_1605445644_535.jpg)
সমান্তৰালভাৱে ৰমেশ তাঁতীৰ উন্নত চিকিৎসাৰ বাবে মন্ত্ৰী গৰাকীয়ে বিশ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰা লগতে নগদ পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । উল্লেখযোগ্য যে, আৰ্থিক অসুবিধাৰ বাবে উন্নত চিকিৎসা কৰিবলৈ সাহস কৰা নাছিল ৰমেশ তাঁতীয়ে ৷ অৱশেষত মন্ত্ৰী গৰাকীয়ে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাত কিছু সকাহ পোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ সদস্য সকলে ।