বিশ্বনাথ, ৯ এপ্ৰিল : বিদ্বৎ সমাজক লজ্জানত কৰি এইবাৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ নামত জুৱাৰ পয়োভৰ ঘটাই সংবাদ শীৰ্ষলৈ আহিছে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ একাংশ প্ৰাক্তন ছাত্ৰ (Alumni meet in Biswanath Agricultural College) । বিশ্বনাথ কৃষি মহাবিদ্যালয়ত দেওবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে প্ৰাক্তন সতীৰ্থ সন্মিলন । কৃষি মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই মুকলি অনুষ্ঠানৰ সমান্তৰালভাৱে মঞ্চৰ কিছু নিলগতে মুকলিভাৱে কাষত বিয়েৰৰ বটল, হাতত চিগাৰেট লৈ কালৈকো ভ্ৰূক্ষেপ নকৰি একাংশ প্ৰাক্তন ছাত্ৰ জুৱাত মগ্ন হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এফালে মঞ্চত বক্তৃতা আৰু আনফালে কাষতে জুৱাৰ আড্ডা (Illegal activities in Alumni meet at Biswanath) । বিশ্বনাথ কৃষি মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা সতীৰ্থ সন্মিলনৰ মাজতে ৰাজহুৱা মঞ্চৰ পৰা কিছু দূৰত্বত একাংশ প্ৰাক্তন ছাত্ৰই মুকলিকৈ মদ-চিগাৰেট-জুৱাৰ আড্ডা গঢ়ি তোলা কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
আনহাতে, কৃষি মহাবিদ্যালয়খনৰ অধ্যক্ষই এক সুন্দৰ পৰিৱেশৰ কথা বৰ্ণনা কৰাৰ বিপৰীতে চৌহদত চলি থকা মদ আৰু জুৱাৰ বিষয়ে অৱগত নহয় বুলি মন্তব্য় কৰিছে । একাংশ ছাত্ৰই এইদৰে দিন দুপৰতে বিজ্ঞ লোকসকলৰ উপস্থিতিত অনুষ্ঠান চলি থকা অৱস্থাতেই মঞ্চৰ কাষত মুকলিকৈ মদ-জুৱাৰ আড্ডা মহাবিদ্যালয়খনৰ বাবে কি দৰে গ্ৰহণযোগ্য সেই সন্দৰ্ভতো প্ৰশ্ন উঠিছে ৷
ঘৰৰ ভিতৰত জুৱাৰ আড্ডা উচ্ছেদ কৰা আৰক্ষীয়ে দিন দুপৰতে এইসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে কেইবাজনো জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । ইফালে, ঐতিহ্যমণ্ডিত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ নামত একাংশ প্ৰাক্তন ছাত্ৰই এনেদৰে জুৱা আৰু মদৰ আড্ডা কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে বিশ্বনাথৰ জাতীয় সংগঠনে । আনকি বিশ্বনাথ জিলা প্ৰশাসনৰো হস্তক্ষেপ বিচাৰিছে বিভিন্ন দল -সংগঠনে ।
লগতে পঢ়ক:MP Gaurav Gogoi: সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সমষ্টিৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ যুৱকৰ