ETV Bharat / state

28 টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ দাবী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

author img

By

Published : Sep 11, 2020, 8:58 PM IST

অসমত 70 লাখৰো অধিক কোচ ৰাজবংশী লোক আছে যদিও যুগ যুগ ধৰি ৰাজনৈতিক দল সমূহে কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে ৷ যাৰ বাবে আগন্তুক নিৰ্বাচনত কোনো কাৰণতে ৰাজবংশী অধিক ভোটাৰ থকা সমষ্টি সমূহ কেতিয়াও আন জনগোষ্ঠী লোকৰ হাতত অৰ্পণ কৰা নহ'ব বুলি প্ৰকাশ কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপক বৰাই ৷

All Assam Koch Rajbongshi Student Union Recation On Upcoming Election
বিধানসভা নিৰ্বাচনত 28 টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ দাবী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

বিশ্বনাথ, 11 ছেপ্টেম্বৰ : আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে টঙালী বন্ধা পৰিলক্ষিত হৈছে ৷ ইফালে,নিৰ্বাচনৰ বাবে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে একাংশ জনগোষ্ঠীয় সংগঠনেও । 2021 চনৰ নিৰ্বাচনত বিজেপি দলক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ।

শুকুৰবাৰে বিশ্বনাথ চাৰিআলিত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপক বৰাই প্ৰকাশ কৰি কয় য়ে,অসমত 70 লাখৰো অধিক কোচ ৰাজবংশী লোক আছে যদিও যুগ যুগ ধৰি ৰাজনৈতিক দল সমূহে কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে ৷ যাৰবাবে আগন্তুক নিৰ্বাচনত কোনো কাৰণতে ৰাজবংশী অধিক ভোটাৰ থকা সমষ্টি সমূহ কেতিয়াও আন জনগোষ্ঠী লোকৰ হাতত অৰ্পণ কৰা নহ'ব বুলি প্ৰকাশ কৰে বৰাই ।

আনহাতে,সহকাৰী সম্পাদক গৰাকীয়ে পুনৰ কয় যে,অসমত 28 টা বিধানসভা সমষ্টিত নিৰ্বাচনত কোচ ৰাজবংশী লোকে বিজয় সাব্যস্ত কৰিব পৰা সমতা আছে আৰু সেই বাবে আগন্তুক 2021 চনত বিজেপি দলৰ পৰা 28 টা সমষ্টিত প্ৰাৰ্থীত্ব দিবলৈ দাবী জনাম বুলি উল্লেখ কৰাৰ লগতে বিজেপি দলে যদিহে এই প্ৰস্তাৱ গ্ৰহণ নকৰে তেতিয়াহ'লে বিজেপি দলক কোচ ৰাজবংশী সকলে উত্তৰ দিবলৈ সাজু বুলি উল্লেখ কৰে ।

লগতে,তেওঁ পুনৰ কয় যে,নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী সকলক জনজাতিকৰণ নকৰিলে বিজেপি দলে 100 শতাংশ আসনৰ কথা কৈ আছে তাৰে 28 খন আসন বিজেপি দলে নাপাব বুলি উল্লেখ কৰে। ইফালে,আগন্তুক নিৰ্বাচন বাবে ইতিমধ্যে কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : 21 শতিকাৰ স্কুলীয়া শিক্ষাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিডিঅ' কনফাৰেন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.