ETV Bharat / state

নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ

author img

By

Published : Nov 4, 2020, 8:49 AM IST

নামনি সোৱণশিৰি নদীবান্ধৰ বিৰুদ্ধে আছু আৰু এজেৱাইচিপিৰ প্ৰতিবাদ ৷ নদী বান্ধলৈ নিয়া সামগ্ৰী সৰহবৰাহত বাধা প্ৰদান প্ৰতিবাদকাৰীৰ ৷ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি গহপুৰ আৰক্ষী থানালৈ প্ৰেৰণ আৰক্ষীৰ ৷

নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ
নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ

বিশ্বনাথ, 4 নৱেম্বৰ: নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গহপুৰত আটক সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এ জে ৱাই চি পি) ৰ বহুকেইগৰাকী সদস্য ৷ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নদী বান্ধৰ বাবে কঢ়িয়াই নিয়া সামগ্ৰী সমূহৰ সৰবৰাহত বাধা প্ৰদান কৰাৰ বাবেই গহপুৰ আৰক্ষীয়ে সংগঠন দুটাৰ প্ৰতিবাদী সদস্য কেইগৰাকীক গ্ৰেপ্তাৰ কৰে ৷

জানিব পৰা মতে মঙলবাৰে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গহপুৰৰ মহকুমা ছাত্ৰ সন্থা আৰু এজেৱাইচিপি এ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ প্ৰতিবাদকাৰীৰ অভিযোগ মতে বৃহৎ নদীবান্ধৰ বাবে কঢ়িয়াই নিয়া সামগ্ৰী সমূহৰ সৰবৰাহত সংগঠন দুটাৰ কৰ্মী সকলে বাধা প্ৰদান কৰাৰ পাছতো আৰক্ষী প্ৰশাসনে বলপূৰ্বক ভাৱে সামগ্ৰী সমূহ সৰবৰাহ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰাৰ লগতে সংগঠন দুটাৰ প্ৰতিবাদী সদস্য সকলক আটক কৰি গহপুৰ আৰক্ষী থানালৈ লৈ যায় ৷

জানিব পৰা মতে প্ৰতিবাদত অংশগ্ৰহণ কৰা গহপুৰ মহকুমা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক দীপক বৰা,আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মিন্টু ভূঞা, সম্পাদক প্ৰনৱ বৰাৰ লগতে আন বহু কেইজন সদস্যক আৰক্ষীয়ে আটক কৰে ৷

লগতে পঢ়ক: ৰকি-প্ৰদ্যুতৰ সংঘাত সৃষ্টি কৰা ব্যক্তিক চিনাক্ত জিতেন্দ্ৰ সিঙৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.