ETV Bharat / state

অপ্ৰাদেশীকৃত বিদ্যালয় বন্ধৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল বিশ্বনাথ

শেহতীয়াকৈ বিজেপি চৰকাৰে ভেঞ্চাৰ স্কুলসমূহ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত দেওবাৰে নিখিল ভাৰত ছাত্ৰ সন্থাই উত্তাল হয় বিশ্বনাথ ৷

ভেঞ্চাৰ স্কুল বন্ধ কৰাৰ প্ৰতিবাদত উত্তাল বিশ্বনাথ

author img

By

Published : Feb 23, 2021, 9:59 AM IST

বিশ্বনাথ,23 ফেব্ৰুৱাৰীঃ দেওবাৰে নিখিল ভাৰত ছাত্ৰ সন্থাই শেহতীয়াকৈ বিজেপি চৰকাৰে অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ বন্ধ কৰি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বৰগাং চাহ বাগিচা খেলপথাৰৰ পৰা দুই কিল’মিটাৰ পথ সমদল কৰি প্ৰতিবাদকাৰীসকলে বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ শিক্ষা বিষয়াগৰাকীৰ জৰিয়তে অসম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সঞ্চালকালয়লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, এই স্মাৰক পত্ৰত বিদ্যালয় প্ৰাদেশিকীকৰণৰ নামত ৰাজ্যৰ বিজেপি চৰকাৰে ৩,৭০০ খন অপ্ৰাদেশীকৃত বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ ভিতৰত বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত টুংবাৰী প্ৰাথমিক বিদ্যালয়, বৰঝাৰণি বঙালী প্ৰাথমিক বিদ্যালয়, জ্যোতিৰ্ময় প্ৰাথমিক বিদ্যালয়, ৰামধন প্ৰাথমিক বিদ্যালয়, লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বিদ্যালয়, জংঘলবস্তী প্ৰাথমিক বিদ্যালয়, আনন্দৰাম প্ৰাথমিক বিদ্যালয়, শংকৰজ্যোতি প্ৰাথমিক বিদ্যালয়, যশৰানী দেৱান মধ্য ইংৰাজী বিদ্যালয়, শলমাৰী মধ্য ইংৰাজী বিদ্যালয়, মিজিকা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, চেৰেলীয়া মধ্য ইংৰাজী বিদ্যালয়, বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়, মহানন্দ শৰ্মা মধ্য ইংৰাজী বিদ্যালয়, মকবুল হুছেইন মধ্য ইংৰাজী বিদ্যালয়কে ধৰি ১৫ খনতকৈ অধিক প্ৰাধমিক আৰু মজলীয়া বিদ্যালয়ৰ নাম অন্তৰ্ভূক্ত আছে ।

প্ৰতিবাদত উত্তাল বিশ্বনাথ

এই বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ নকৰি চৰকাৰে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলক আন চৰকাৰী বিদ্যালয়ত নিযুক্তি দিছে । আনকি বহু শিক্ষকক, শিক্ষকৰ মৰ্যদা দিয়াৰ সলনি টিউটৰ হিচাপে ঠিকা ভিত্তিত নিযুক্তি দিছে । যিসকল শিক্ষকে চৰকাৰৰ নিৰ্দেশনা অনুসৰি ডিএলইডি পৰীক্ষাত উত্তীৰ্ণ হোৱাকে ধৰি বিভিন্ন প্ৰশিক্ষণ ল’ব লগা হৈছিল । এতিয়া তেওঁলোকৰ জ্যেষ্ঠতাক মান্যতা নিদি টিউটৰ হিচাপে নিয়োগ কৰি চৰম অপমান কৰিছে ৰাজ্য চৰকাৰে ।

বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষা প্ৰদানত নিযুক্ত শিক্ষকসকল প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ লগতে বিহালীৰ পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱন সম্প্ৰতি ধ্বংসৰ গৰাহত পৰিছে । ৰাইজে গাঁঠিৰ ধন ভাঙি বিদ্যালয়সমূহ স্থাপন কৰি সন্তানৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰিছিল ৷ লগতে আশা কৰিছিল চৰকাৰে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰি সেই বিদ্যালয়তে শিক্ষকসকলক স-সন্মানে নিযুক্তি দি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিব । চৰকাৰৰ এই সিদ্ধান্ত শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ পৰিপন্থী আৰু জন বিৰোধী ।

চৰকাৰে ৰাইজে কষ্ট আৰু পৰিশ্ৰমৰে গঢ়া বিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশনা বাতিল কৰা, বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষা অনুষ্ঠান ধ্বংস কৰিব বিচৰা নীতি বন্ধ কৰা, শিক্ষাৰ অধিকাৰ আইন ২০০৯ কঠোৰভাৱে ৰূপায়ণ কৰা, পদ প্ৰাদেশিকীকৰণ নহয় বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰি সেই বিদ্যালয়তে শিক্ষক-কৰ্মচাৰীসকলক নিযুক্তি দি আন শিক্ষকসকলৰ সমহাৰত দৰমহা প্ৰদান কৰা, দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা বন্ধ কৰা আদি দাবীসমূহ স্মাৰক পত্ৰত সন্নিৱিষ্ট কৰা হয় ।

নিখিল ভাৰত ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ, উপ সভাপতি জ্যোতি প্ৰকাশ বৰা, ৰাজ্যিক সম্পাদক ধনঞ্জয় দাস, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ লক্ষ্মীকান্ত কুৰ্মী আৰু চিপিআই(এম-এল) দলৰ বিশ্বনাথ জিলা সম্পাদক অনন্ত হাজৰিকাই এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ।

লগতে পঢ়কঃ জোনাইত আত্মসহায়ক গোটৰ সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.