বিশ্বনাথ, ১৬ অক্টোবৰ: শনিবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঙত অৱস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক কাৰ্যালয়ত বিশ্বনাথ জিলা প্ৰশাসনৰ উপস্থিতিত চলোৱা হৈছিল উচ্ছেদ অভিযান (Eviction drive at ASSU office) । এক্সকেভেটৰৰ জৰিয়তে দণ্ডাধীশ তথা বিহালী উন্নয়ন খণ্ড উন্নয়ন বিষয়া দেবান্দ নাথ আৰু বৰগাং আৰক্ষীৰ উপস্থিতিত বৰগাং কেন্দ্ৰস্থলৰ মাজমজিয়াত থকা সদৌ অসম ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতি কাৰ্যালয়টোৰ লগতে শ্বহীদ বেদীত উচ্ছেদ চলোৱা হৈছিল (Eviction drive at Borgang ASSU office) ৷
এই সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন আছু নেতা ৰূপম গোস্বামীয়ে । উল্লেখযোগ্য যে ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু শ্বহীদ বেদীত উচ্ছেদ চলোৱা সময়ত বিহালী আছু আৰু প্ৰাক্তন আছু কোনো এজন কৰ্মীক প্ৰশাসনে খবৰ নিদিয়াকৈ উচ্ছেদ চলোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰাক্তন আছু নেতাসকল ।
ইফালে বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন আছু নেতা তথা আছু কাৰ্যালয় আৰু শ্বহীদ বেদী নিৰ্মাণ কাৰ্যত জড়িত থকা প্ৰাক্তন বিহালী আছু নেতা ৰূপম গোস্বামীয়ে এই উচ্ছেদ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে (AASU reacts on Eviction drive) ৷ ‘‘আমাক প্ৰশাসনে খবৰ নিদিয়াকৈ আমাৰ শ্বহীদ বেদীত উচ্ছেদ কৰি আমাৰ শ্বহীদক অপমান কৰিছে প্ৰশাসনে, যাৰ বাবে আমি অতি দুখ পাইছো’’ বুলি উল্লেখ কৰে প্ৰাক্তন আছু নেতা ৰূপম গোস্বামীয়ে ।
গোস্বামীয়ে কয় যে এই বৰগাং আছু কাৰ্যালয়টো 1996 চনত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সেই সময়ৰ আছুৰ সভাপতি সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেখেতে শুভ উদ্বোধন কৰা শ্বহীদ বেদীত প্ৰশাসনে উচ্ছেদ চলোৱা সময়ত কোনো নীতি নিয়ম কৰিবলৈ সুযোগ নিদিয়াত দুখ পোৱা বুলি মন্তব্য কৰাৰ লগতে প্ৰশাসনে সম্পূৰ্ণভাৱে শ্বহীদসকলক অপমান কৰা বুলি প্ৰকাশ কৰে প্ৰাক্তন আছু নেতাগৰাকীয়ে ।
লগতে পঢ়ক: Eviction drive in Biswanath : বৰগাং আছুৰ কাৰ্যালয়ত পৰিল প্ৰশাসনৰ হাতোৰা