বিশ্বনাথ,15 ডিচেম্বৰঃ বিহালীত দেওবাৰে সদৌ অসম ছাত্র সন্থা তথা অন্যান্য দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলটোৱে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ জনায় ৷ উক্ত কাৰ্যসূচী ৰূপায়ণৰ সময়তে প্ৰতিবাদী দলটো আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । উত্তেজিত প্ৰতিবাদকাৰীয়ে মন্ত্ৰীগৰাকীৰ ঘৰলৈ শিলাবৰ্ষণ কৰাত আহত হয় দুজনকৈ দণ্ডাধীশ ৷ লগতে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ চাৰিখন বাহনৰ ক্ষতিসাধন কৰে ৷ ঘটনা সন্দৰ্ভত বিহালী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আছু নেতা অৰূপ তামুলীসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোকসকলক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে ৷ স্থানীয় দল-সংগঠনে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িতৰ সন্দেহ প্ৰকাশ কৰিছে ।
বিহালীত আছু নেতা অৰূপ তামুলীক গ্ৰেপ্তাৰ আৰক্ষীৰ - biswanath
কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ ঘৰলৈ শিলাবৰ্ষণ কৰা ঘটনাত জড়িত আছু নেতা অৰূপ তামুলীসহ কেইবাজনকো আটক কৰে আৰক্ষীয়ে ৷ স্থানীয় দল-সংগঠনে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িতৰ সন্দেহ প্ৰকাশ কৰিছে ৷
বিশ্বনাথ,15 ডিচেম্বৰঃ বিহালীত দেওবাৰে সদৌ অসম ছাত্র সন্থা তথা অন্যান্য দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলটোৱে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ জনায় ৷ উক্ত কাৰ্যসূচী ৰূপায়ণৰ সময়তে প্ৰতিবাদী দলটো আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । উত্তেজিত প্ৰতিবাদকাৰীয়ে মন্ত্ৰীগৰাকীৰ ঘৰলৈ শিলাবৰ্ষণ কৰাত আহত হয় দুজনকৈ দণ্ডাধীশ ৷ লগতে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ চাৰিখন বাহনৰ ক্ষতিসাধন কৰে ৷ ঘটনা সন্দৰ্ভত বিহালী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আছু নেতা অৰূপ তামুলীসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোকসকলক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে ৷ স্থানীয় দল-সংগঠনে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িতৰ সন্দেহ প্ৰকাশ কৰিছে ।
যোৱা ১২ ডিচেম্বৰ নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত বিহালী সদৌ অসম ছাত্র সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ নেতৃত্বত অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত ঘেৰাও দিয়া কায্যসুচী ৰূপায়ণ কৰি থকা সময়ত
প্ৰতিবাদী আৰু আৰক্ষী মাজত সংঘৰ্ষ সৃষ্টি হয়।।
সেই সংঘৰ্ষ একাংশ প্ৰতিবাদী কাৰীয়ে আৰক্ষী আৰু কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত ঘৰলৈ শিলা বৰ্ষণ কৰা ফলত দুজনকৈ দণ্ডাধীশ গুৰুত্ব ভাৱে আহত হোৱা লগতে প্ৰতিবাদী কাৰীয়ে আৰক্ষী চাৰিখনকৈ গাড়ী ভাঙি ক্ষয় ক্ষতি কৰা অপৰাধ বিহালী আৰক্ষী এক গোচৰ ৰোজো কৰি আছু নেতা অৰুপ তামুলী সহ কেইবাজনোকো গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰে ।বিহালীত প্ৰতিবাদী কাৰী শিলা বৰ্ষণৰ ফলত দুজন দণ্ডাধীশ গুৰুত্ব ভাৱে আহত হোৱাত বিহালী বিভিন্ন দল সংগঠনে দুখ প্ৰকাশ কৰিছে ।
ইফালে দলসংগঠন অভিযোগ এই ঘটনাৰ এটা তৃতীয় পক্ষ ই সংঘটিত কৰি দল সংগঠনৰ বদনাম আনিবলৈ চেষ্টা চলোৱা বুলি প্ৰকাশ কৰে ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম