বিশ্বনাথ , 13 মাৰ্চ : বিশ্বনাথৰ বৰগাঙত চুলাই মদ,অবৈধ অৰুণাচলী সুৰা আৰু লালীগুড় ব্যৱসায় বন্ধৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ । আবকাৰী বিভাগ তথা প্ৰশাসনে অঞ্চলটোত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।
সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি বিষাক্ত চুলাই মদে গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিক লোকৰ প্ৰাণ লোৱাৰ পাচতো অঞ্চলটোত অব্যাহত আছে চুলাই মদ আৰু লালীগুড়ৰ ব্যৱসায় । লগতে অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায়ো । আবকাৰী বিভাগ আৰু প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এখন সুৰামুক্ত বিহালীৰ দাবী জনায় ।