বিশ্বনাথ,30 জুন:বিশ্বনাথৰ ব্যক্তিগত কেটেলা মিচন হাস্পতালৰ বিৰুদ্ধে ৰোগীৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ হাস্পতালখনৰ বিৰুদ্ধে উত্থাপিত হৈছে বিহালীৰ বৰগাঙৰ এগৰাকী মহিলাৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ অভিযোগ অনুসৰি,গহপুৰ বৰঙাবাৰী নিৱাসী দিপাংক ৰাজখোৱাই প্ৰসৱজনিত কাৰণত পত্নী চুমি বৰা ৰাজখোৱাক হাস্পতালখনত ভৰ্ত্তি কৰাবলৈ লৈ যাওঁতেই মাজ বাটতেই এটি সন্তান জন্ম হয় ৷ কিন্তু স্বাস্থ্যজনিত কাৰণত ২৭ জুনত পত্নীক হাস্পতালত ভৰ্ত্তি কৰায় দিপাংক ৰাজখোৱাই ৷ তাৰেই সুযোগ লৈ চিকিৎসালয়খনে চাৰিদিন
বিভিন্ন অসুবিধা দেখুৱাই মহিলাগৰাকীক হাস্পতালত ৰাখি ৩০ জুনত বিদায় দিবলৈ অত্যাধিক বিল বনাই ধন আদায় কৰাত হতভম্ব হয় স্বামী দিপাংক ৰাজখোৱা। এই সন্দৰ্ভত স্বামীয়ে অত্যাধিক মাচুলৰ কাৰণ জানিব বিচৰাত হাস্পতালখনৰ একাউণ্ট পৰিচালনা কমিটিৰ তৰফৰ পৰা কোনো কথা নজনাই বিল আদায় লৈ চিকিৎসালয়খনৰ পৰা মহিলা গৰাকীক বিদায় দিয়ে।
বিশ্বনাথৰ ব্যক্তিগত হাস্পতালৰ বিৰুদ্ধে অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৰোগীৰ - বিশ্বনাথ
হাস্পতালখনৰ বিৰুদ্ধে উত্থাপিত হৈছে বিহালীৰ বৰগাঙৰ এগৰাকী মহিলাৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ উল্লেখ্য যে, এই মিচন হাস্পতালখনৰ বিৰুদ্ধে পূৰ্বেও এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসন কিম্বা স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই।
বিশ্বনাথ,30 জুন:বিশ্বনাথৰ ব্যক্তিগত কেটেলা মিচন হাস্পতালৰ বিৰুদ্ধে ৰোগীৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ হাস্পতালখনৰ বিৰুদ্ধে উত্থাপিত হৈছে বিহালীৰ বৰগাঙৰ এগৰাকী মহিলাৰ পৰা অত্যাধিক মাচুল লোৱাৰ অভিযোগ ৷ অভিযোগ অনুসৰি,গহপুৰ বৰঙাবাৰী নিৱাসী দিপাংক ৰাজখোৱাই প্ৰসৱজনিত কাৰণত পত্নী চুমি বৰা ৰাজখোৱাক হাস্পতালখনত ভৰ্ত্তি কৰাবলৈ লৈ যাওঁতেই মাজ বাটতেই এটি সন্তান জন্ম হয় ৷ কিন্তু স্বাস্থ্যজনিত কাৰণত ২৭ জুনত পত্নীক হাস্পতালত ভৰ্ত্তি কৰায় দিপাংক ৰাজখোৱাই ৷ তাৰেই সুযোগ লৈ চিকিৎসালয়খনে চাৰিদিন
বিভিন্ন অসুবিধা দেখুৱাই মহিলাগৰাকীক হাস্পতালত ৰাখি ৩০ জুনত বিদায় দিবলৈ অত্যাধিক বিল বনাই ধন আদায় কৰাত হতভম্ব হয় স্বামী দিপাংক ৰাজখোৱা। এই সন্দৰ্ভত স্বামীয়ে অত্যাধিক মাচুলৰ কাৰণ জানিব বিচৰাত হাস্পতালখনৰ একাউণ্ট পৰিচালনা কমিটিৰ তৰফৰ পৰা কোনো কথা নজনাই বিল আদায় লৈ চিকিৎসালয়খনৰ পৰা মহিলা গৰাকীক বিদায় দিয়ে।
এতিয়া যে একাংশ ব্যক্তিগত হস্পতালৰ
কৰ্ম কাণ্ডই অতিষ্ঠ কৰিছে দৰিদ্ৰ শ্ৰেণী আৰু মধ্য শ্ৰেণী ৰোগীক ।
বিশেষকৈ ব্যক্তিগত চিকিৎসালয় সমুহত নাই কোনো নীতি নিয়ম মহিলা সকলক লক্ষ্য কৰি লয় একাংশ ব্যক্তিগত চিকিৎসালয় বিশেষকৈ মহিলা সমুহৰ প্ৰসৱ সময়ত এই সুবিধা গ্ৰহণ কৰে । অধিকাংশ মহিলা
স্বাভাৱিক প্ৰসৱ বাবে চিকিৎসালয় সমুহত ভৰ্তি কৰে যদিও একাংশ চিকিৎসকে ৰোগীৰ পৰিয়ালক বিভিন্ন ভয় ভাবুকি দেখুৱাই এক লুষ্ঠন কৰি আহিছে ।শেহতীয়াকৈ তেনে এক ঘটনা সংঘটিত হৈছে বিহালী বৰগাংত ।
এগৰাকী মহিলা পৰা অত্যাধিক মাচুল লোৱা অভিযোগ কেটেলা মিচন হস্পতালৰ বিৰুদ্ধে ।
এতিয়া যে অসমত একাংশ এনে ব্যক্তিগত চিকিৎসালয় কৰ্ম কাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ দৰিদ্ৰ আৰু মধ্য শ্ৰেণীৰ ৰোগীৰ পৰিয়ালক ।
অভিযোগ অনুসৰি গহপুৰ বৰঙাবাৰী নিৱাসী দিপাংক ৰাজখোৱা নামৰ লোক জনৰ পত্নী চুমি বৰা ৰাজখোৱা নামৰ মহিলা গৰাকী প্ৰসৱৰ কেন্দ্ৰ কৰি যোৱা ২৭ তাৰিখে
প্ৰসৱ জনিত কাৰণত অধিক অসুস্থ হোৱাত বৰগাং কেটেলা মিচন হস্পতাললৈ
ভৰ্তি কৰিব লৈ আনি থকা অৱস্থাতে আধা পথতে নিজা গাড়ীতে মহিলা এটি সন্তান জন্ম হয় যদি চিকিৎসা বাবে
চিকিৎসালয় খন ভৰ্তি কৰে স্বামীয়ে । কিন্তু দুভগ্যজনক কথাটো হ'ল তাৰে সুযোগ লৈ চিকিৎসালয় খনে চাৰিদিন
বিভিন্ন অসুবিধা দেখুৱাই
হস্পতাল
ৰাখি ৩০ জুনত বিদায় দি
অত্যাধিক বিল বনাই ধন আদায় কৰাত হতভম্ব হয় মহিলা গৰাকী স্বামী দিপাংক ৰাজখোৱা । ইফালে এই সন্দৰ্ভত মহিলা স্বামীয়ে
অত্যাধিক মাচুল কাৰণ জানিব বিচাৰিছিল যদিও হস্পতাল খনৰ একাউণ্ট পৰিচালনা তৰফৰ পৰা
কোনো কথা নজনাই বিল আদায় লয় চিকিৎসালয় খনৰ পৰা মহিলা গৰাকীক বিদায় দিয়ে ।
তাক লৈ খৰ্গহস্ত হয় মহিলা গৰাকী স্বামী দিপাং ৰাজখোৱা ।
ইফালে এই ভুক্তভোগী বাবে দৰিদ্ৰ পৰিয়াল পৰা এনেদৰে কৌশলেৰে অধিক ধন লোৱাত ভাগি পৰিছে দৰিদ্ৰ পৰিয়াল টো ।
আনহাতে এই ক্ষেত্ৰত ৰোগীৰ সকলক সজাগ হ'বলৈ আহ্বান সংবাদ মাধ্যম জৰিয়তে দিপাংক ৰাজখোৱাই ।
উল্লেখযোগ্য যে এই মিচন হস্পতালৰ খনৰ বিৰুদ্ধে পূৰ্ব ও এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে যদিও কোনো জিলা প্ৰশাসন কিম্বা স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই ।
এতিয়া প্ৰশ্ন হয় কাৰণ আশীৰ্বাদত এই ব্যক্তিগত চিকিৎসালয় খনে এনেদৰে দৰিদ্ৰ ৰোগীৰ সকলৰ পৰা বিভিন্ন কৌশলৰে ধন আদায় কৰা কাৰ্য সচেতন মহলৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে স্বাস্থ্য মন্ত্ৰী গৰাকী হস্তক্ষেপৰ দাবী জনাইছে ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম