বিহালী, 18 জুন : ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ অৰ্থৰ অভাৱৰ বাবেই যমৰ জীয়াতু ভুগিছে এগৰাকী কনমাণিয়ে ৷ এক জটিল ৰোগত আক্ৰান্ত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ বিগত 10 বছৰে অৰ্থৰ অভাৱত জীয়াতু ভুগিছে সৰুভনী দাস নামৰ ছাত্ৰীগৰাকীয়ে (A poor girl suffering from kidney disease) ৷
বিহালী সমষ্টিৰ অন্তৰ্গত আৰু বিশ্বনাথৰ বুঢ়ীগাং পঞ্চায়তৰ অন্তৰ্গত বাঁহবৰীয়া গাঁৱৰ দশম শ্ৰেণীত অধ্যয়ন কৰি থকা সৰুভনীয়ে যোৱা 10 বছৰ ধৰি বৃক্কৰ জটিল ৰোগত ভুগি আছে ৷ পিতৃ মলু দাস আৰু দীপ্তি দাসৰ কনিষ্ঠ কন্যা সৰুভনী দাসৰ ২০১৩ চনতে বৃক্কত পাথৰ থকাৰ কথা ধৰা পৰিছিল ৷
প্ৰথমাৱস্থাত বিশ্বনাথ অসামৰিক চিকিৎসালয়ত কিশোৰীগৰাকীক প্ৰাথমিক চিকিৎসা কৰিছিল যদিও ভাল নোহোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বাহিৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ ফলত ব্যয়বহুল চিকিৎসাৰ বাবে অপাৰগ হৈ পৰে দিন-হাজিৰা কৰা পিতৃ-মাতৃহাল ৷ ইফালে চিকিৎসা কৰা সকলো যাৱতীয় নথি-পত্ৰ লৈ ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ওচৰলৈ গৈছিল যদিও বিধায়কগৰাকীয়ে সহায় কৰাৰ পৰিৱৰ্তে কেৱল এশ টকা যাচি অপমানিত কৰি পঠায় দৰিদ্ৰ লোকহালক ৷ গতিকে, সদাশয় হৃদয়বানলোকৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু আৰ্থিক সাহাৰ্যৰ প্ৰদানৰ আহ্বান সৰুভনীৰ পিতৃ-মাতৃৰ (Patient needed help) ৷
BANK DETAILS:
Mrs. DIPTI DAS
AC NO-59107687799
IFSC-ALLA0211277
MOB:-7099583068
লগতে পঢ়ক : হোজাইত নাও দুৰ্ঘটনাত সন্ধানহীন 12 জন