বিশ্বনাথ, 4 আগষ্ট : বিশ্বনাথ জিলাৰ খেৰবাৰীত আটক চোৰাং চিকাৰী ৷ বন বিভাগৰ এটা দলে অভিযান চলাই চোৰাং চিকাৰীটোৰ লগতে কিছু পৰিমাণৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰে ৷ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীৰ খেৰবাৰীত চলোৱা হয় এই অভিযান ৷ এই অভিযান চলাই বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই ৷
বন বিভাগৰ এক সূত্ৰই সদৰি কৰা মতে কিছুদিনৰ পূৰ্বে এক গোপন সূত্ৰৰ পৰা চোৰং চিকাৰীৰ এক তথ্য লাভ কৰিছিল বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই ৷ তেতিয়াৰ পৰা সেই তথ্যৰ ভিত্তিত বন বিভাগে নিজাববীয়াকৈ এক অনুসন্ধান চলাই আছিল ৷ তথ্য অনুসৰি বাঘমাৰীৰ খেৰবাৰীৰ এগৰাকী লোকৰ ঘৰত মজুত আছিল বৃহৎ পৰিমাণৰ চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰী ৷
লগতে পঢ়ক : আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী
সেই তথ্য নিশ্চিত হোৱাৰ পাচতে জিনজিয়া আৰক্ষীৰ সহযোগত খেৰবাৰীৰ লোকজনৰ ঘৰত অভিযান চলাই বন বিভাগে ৷ অভিযান কালত বন বিভাগে জব্দ কৰে ৩০৩ ৰাইফলৰ ৮ জাঁই সজীৱ গুলী আৰু দুটাকৈ গঁড়ৰ নখ ৷ ইয়াৰ লগতে চোৰাং চিকাৰৰ লগত জড়িত থকাৰ সন্দেহত মাজাম আলী নামৰ লোকজনকো আটক কৰে বন বিভাগে ৷
উল্লেখ্য যে, সাংবাদিকৰ প্ৰশ্ন উত্তৰত মাজাম আলী গঁড় হত্যাৰ লগতো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷ বৰ্তমান মাজাম আলীক জেৰা অব্যাহত ৰাখিছে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই ৷ জেৰাৰ অন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিছে বন বিভাগে ৷
লগতে পঢ়ক : চামগুৰিত কালভাৰ্ট নিৰ্মাণকলৈ বিসংগতি: স্থানীয় ৰাইজৰ ক্ষোভ