বিশ্বনাথ, 11 জুলাইঃ বিশ্বনাথত কৰ'ণাত আক্ৰান্ত এগৰাকী চিকিৎসা কৰ্মী ৷ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত কৰ্মৰত অনামিকা বৰা নামৰ এগৰাকী নাৰ্ছৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ নাৰ্ছ গৰাকীয়ে একেৰাহে ৭ দিন কৰ্তব্য পালন কৰাৰ পাচত বিশ্বনাথ চাৰিআলিস্থিত ৰয়েল পেলেচ নামৰ এখন হোটেলখনত কোৱাৰেণ্টাইন হৈ আছিল ৷
কোৱাৰেণ্টাইনত থকাৰ পাচত স্বাস্থ্য বিভাগে নাৰ্ছ গৰাকীৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ৷ স্বাৱ পৰীক্ষাৰ অন্তত শনিবাৰে নাৰ্ছ গৰাকী ক'ভিড পজিটিভ বুলি জানিব পৰা গৈছে ৷ বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নাৰায়ণ মহন্তই উল্লেখ কৰা অনুসৰি, জিলাখনত প্ৰথমবাৰৰ বাবে কৰ'ণাত আক্ৰান্ত হৈছে স্বাস্থ্য কৰ্মী ৷ উল্লেখ্য যে, শনিবাৰৰ দিনটোলৈ জিলাখনত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় মুঠ 206 গৰাকীলৈ ৷
লগতে পঢ়কঃ শদিয়াৰ বিধায়ক কোভিড পজিটিভ