বিশ্বনাথ, ২৬ জানুৱাৰী : আজি গণৰাজ্য দিৱস । ক'ভিড পৰিস্থিতিৰ মাজতে সমগ্ৰ দেশত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছে (73rd Republic day of India)। ব্যতিক্ৰম নহয় অসম । অসমৰ প্ৰতিখন জিলাৰ সদৰত প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী ।

বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী (Republic Day celebrated in Biswanath)। য'ত পতাকা উত্তোলন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷
ইফালে গহপুৰ মহকুমা প্ৰশাসন দ্বাৰা গহপুৰ উচ্চতম মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী । ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনে ।
লগতে পঢ়ক : গণৰাজ্য দিৱস বিশেষ : সংস্কৃত ভাষাত এটি দেশপ্ৰেমমূলক গীত