ETV Bharat / state

অৱশেষত ৰে'ল লাইন বাচি ল'লে বৰগাঙৰ 7 জন শ্ৰমিকে ! - ৰঙাপৰা

বিশ্বনাথৰ বৰগাঙৰ পৰা ৰে'ল লাইনেৰে খোজ কাঢ়ি আহি ৰঙাপৰাত উপস্থিত হ’ল সাতজনকৈ শ্ৰমিক ৷ দীৰ্ঘ দিনে বৰগাঙৰ টাৱাৰত কৰ্মৰত শ্ৰমিকসকলক ঠিকাদাৰজনে প্ৰাপ্য মজুৰি আদায় নিদিয়াত উপায় বিহীন হৈ খোজকাঢ়ি ঘৰমুৱা হ'বলৈ বাধ্য হৈছে বুলি সাংবাদিকৰ আগত সদৰি কৰে ।

ETV BHARAT
অৱশেষত ৰে'ল লাইন বাচি ল'লে বৰগাঙৰ 7জন শ্ৰমিকে !
author img

By

Published : May 20, 2020, 5:03 PM IST

বিশ্বনাথ,20 মেঃ বিশ্বনাথৰ বৰগাঙৰ পৰা ৰে'ল লাইনেৰে খোজ কাঢ়ি-কাঢ়িয়েই ৰঙাপৰাত উপস্থিত হ’ল সাত জনকৈ শ্ৰমিক ৷ শ্ৰমিক কেইজন পশ্চিমবংগৰ মালদাহলৈ যাবলৈ অহা বুলি জানিব পৰা গৈছে ৷

অৱশেষত ৰে'ল লাইন বাচি ল'লে বৰগাঙৰ 7জন শ্ৰমিকে !

সমগ্ৰ দেশত লক ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ খাদ্য আৰু অৰ্থ সংকটত ভুগি সম্প্ৰতি একাংশ শ্ৰমিকৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে। লক ডাউনৰ সময়ছোৱাত দুৰণি বটীয়া যাত্ৰীবাহী ৰে'ল আৰু যান-বাহন চলাচল সম্পূৰ্ণ ভাৱে বন্ধ হৈ থকাত একাংশ শ্ৰমিকে উপায় বিহীন হৈ পদব্ৰজেই নিজ গৃহৰ অভিমুখে ৰাওনা হৈছে । তেনে সময়তে বুধবাৰে পুৱা ৰঙাপৰা ৰে'লৱে জংচনৰ ১ নং প্লেটফৰ্মত সাত শ্ৰমিক ৰে'ল লাইনেৰে খোজ কাঢ়ি উপস্থিত হয় । মঙলবাৰে পুৱা ৮ বজাতেই পদব্ৰজে ভোকে লঘোনে যাত্ৰা কৰি অৱশেষত ৰঙাপৰাত বুধবাৰে পুৱা ৬ বজাত আহি উপস্থিত হয় । শ্ৰমিক কেইজন পশ্চিমবংগৰ মালদাহ জিলাৰ নিৱাসী ক্ৰমে তপন মূৰ্ম, ৰাম দাস হামৰো, চন্দ্ৰ কিস্ক, বিজয় বাস্কে, গোপাল বাস্কে, বাৰু টুডু আৰু বাবুলাল হামৰো বুলি জানিব পৰা গৈছে ৷ আনহাতে, দীৰ্ঘ দিনে বৰগাঙৰ টাৱাৰত কৰ্মৰত শ্ৰমিকসকলক ঠিকাদাৰজনে প্ৰাপ্য মজুৰি আদায় নিদিয়াত উপায় বিহীন হৈ খোজকাঢ়ি ঘৰমুৱা হবলৈ বাধ্য হৈছে বুলি সাংবাদিকৰ আগত সদৰি কৰে । ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- হাজো সমষ্টিৰ বাৰংহাটীত কৰ'ণাত আক্ৰান্তক কেন্দ্ৰ কৰি চাঞ্চল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.