বিশ্বনাথ, 2 মে’: বিহালীৰ ৰংগমঞ্চত 44সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি সফল সামৰণি পৰে । অনুষ্ঠানৰ আৰম্ভণিতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত দত্তই বন্তি প্ৰজ্জ্বলন কৰি আনুষ্ঠানিকভাৱে মঞ্চ মুকলি কৰে । প্ৰথম কাৰ্যসূচী হিচাপে অনুষ্ঠিত হোৱা মৌ কুঁৱৰী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে লিজাশ্ৰী বৰা, দ্বিতীয় স্থান লাভ কৰে যুটিয়া ভাৱে পিংকী শইকীয়া, ৰিয়াশ্ৰী শইকীয়া আৰু তৃতীয় স্থান লাভ কৰে যুটিয়াভাৱে উদানশ্ৰী বৰা আৰু কস্মিকা বৰাই । আনহাতে বিহু কুৱঁৰী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কংকনা বৰা, দ্বিতীয় স্থান লাভ কৰে দেৱতনয়া বৰা আৰু তৃতীয় স্থান লাভ কৰে ধৰিত্ৰী হাজৰিকাই । ইফালে, প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ময়ুৰী বৰা, অনন্ত বৰা আৰু প্ৰমোদ গোস্বামীয়ে ।
আৰু পঢ়ক: ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা, সন্ধানহীন 1 জন
সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়াই উপস্থিত ৰাইজক আপ্লুত কৰে অখিল ভৈৰৱ আৰু তেওঁৰ সহযোগীবৃন্দই ।