ETV Bharat / state

Suspected witch: ডাইনীৰ সন্দেহত মহিলাসহ চাৰিজনক পাশৱিক অত্যাচাৰ গাঁওবাসীৰ

বিশ্বনাথত ডাইনী কাণ্ড (Suspected witch in Biswanath) ৷ স্বয়ম্ভূ পূজাৰীৰ কথা শুনি ডাইনীৰ সন্দেহত চাৰিজন লোকক অকথ্য শাৰীৰিক নিৰ্যাতন গঞাৰ (4 people brutally assaulted sake of witch) ৷

4 people brutally assaulted sake of witch
ডাইনীৰ সন্দেহত মহিলাসহ চাৰিজনক পাশৱিক অত্যাচাৰ গাঁওবাসীৰ
author img

By

Published : Apr 18, 2023, 9:19 PM IST

ডাইনীৰ সন্দেহত মহিলাসহ চাৰিজনক পাশৱিক অত্যাচাৰ গাঁওবাসীৰ

বিশ্বনাথ, 18 এপ্ৰিল : বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ হোৱা নাই ৷ আজিও ডাইনী নামৰ অন্ধবিশ্বাসটোৱে আমাৰ সমাজ জীৱনত শিপাই আছে । বিশেষকৈ শিক্ষাৰ পোহৰ নপৰা, অতি ভিতৰুৱা ঠাইত ডাইনীৰ সন্দেহত, মানুহেই মানুহক অবৰ্ণনীয় অত্যাচাৰ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হয় (Suspected witch in Biswanath) ৷ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰিছে বিশ্বনাথৰো দুখন গাঁও ৷ মানুহ নহয় যেন এয়া দানৱৰ চিৎকাৰহে ৷

এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ অন্থাইবাৰী আৰু দিচাবাৰীত ৷ ঘটনা অনুসৰি বিগত কিছুদিন ধৰি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ এই গাঁও দুখনত বিভিন্ন বেমাৰ আজাৰে দেখা দি আছিল ৷ ইয়াৰোপৰি গাঁও দুখনৰ একাংশ শিশুয়ে অস্বাভাৱিক আচৰণ কৰি আহিছিল ৷

ইয়াৰ পিচতে গাঁওবাসীয়ে সন্দেহ কৰিছিল যে, গাঁওখনত কোনোবাই অপশক্তি পুহি আছে যাৰ বাবে এনে আচৰণ কৰি আহিছে শিশুসকলে ৷ ইয়াৰ পিচতেই অন্থাইবাৰীস্থিত কালি মন্দিৰৰ পূজাৰী অঞ্জলী স্বৰ্গীয়াৰীৰ শৰণাপন্ন হয় গাঁওবাসী ৷ অঞ্জলী স্বৰ্গীয়াৰীয়ে চোৱাচিতা কৰি গাঁওখনৰ চাৰিজন ব্যক্তিৰ কাৰণেই শিশু সকলে এনে আচৰণ কৰি আহিছে বুলি কয় ৷

আনকি পূজাৰী অঞ্জলীয়ে নিৰ্দেশ দিয়ে যে, এইলোক কেইজনক ধৰি বান্ধি মাৰপিট কৰিলেই সকলো কথা ওলাই পৰিব ৷ লগে লগে পূজাৰীৰ অঞ্জলী স্বৰ্গীয়াৰীৰ নিৰ্দেশ মানি এগৰাকী মহিলাসহ চাৰিজন লোকে ডাইনী পোহাৰ সন্দেহ কৰি লোককেইজনক ধৰি বান্ধি শাৰিৰীক নিৰ্যাতন চলায় (4 people brutally assaulted sake of witch) ৷ গাঁওবাসীয়ে আনকি প্ৰহাৰ কৰি লেবেজান কৰি পেলাই এগৰাকী মহিলাসহ লোক কেইজনক ৷

ইয়াৰ পিচতে ঘটনাৰ বিষয়ে অৱগত হৈ বালিচাং আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মহিলাসহ লোক কেইজনক গাঁওবাসীৰ নিৰ্যাতনৰ পৰা উদ্ধাৰ কৰাৰ লগতে পূজাৰী অঞ্জলী স্বৰ্গীয়াৰীসহ মুঠ 8 জন লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে দীপেন স্বৰ্গীয়াৰী, বুধিৰাম বসুমতাৰী, শুকুৰ বসুমতাৰী, ৰাজীৱ বসুমতাৰী, বলোৰাম বসুমতাৰী, শিৱ বড়ো আৰু বিজয় নাৰ্জাৰী (Police arrested 8 accused) ৷

লগতে পঢ়ক: Anti drugs drive: ড্ৰাগ ডিষ্ট্ৰিব্যুটৰৰ নামত মানকাচৰত চলিছে বৰবিহৰ বেহা

ডাইনীৰ সন্দেহত চাৰিজনকৈ লোকক শাৰীৰিক নিৰ্যাতন চলোৱা অভিযুক্তকেইটাক বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত 49/2023 নম্বৰত গোচৰ ৰুজু কৰি 120(বি)/447/326/325/307/ আৰু আৰ/ডব্লিও 14(1)/9 ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.