ETV Bharat / state

লক ডাউনৰ বাবে বিশ্বনাথত স্থগিত হ'ল 336 বছৰীয়া পৰম্পৰা

author img

By

Published : Apr 16, 2020, 5:49 PM IST

কৰ'ণা মহামাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নিৰ্দেশ অনুসৰি ভাৰতত ইতিমধ্যেই আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ লক ডাউনৰ বাবে বিশ্বনাথত স্থগিত হ'ল 336 বছৰীয়া পৰম্পৰা ৷

336 years historical ritual not clelebrated in Bishwanath ghat for Lockdown
লক ডাউন বাবে বিশ্বনাথঘাটত স্থগিত হ'ল 336 বছৰীয়া পৰম্পৰা

বিশ্বনাথ, 16 এপ্ৰিল: দেশজুৰি অব্যাহত আছে কৰ'ণাৰ আতংক ৷ কৰণা মহামাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নিৰ্দেশ অনুসৰি ভাৰতত ইতিমধ্যেই আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ স্বাভাৱিক জীৱন শৈলীৰ লগতে অনান্য ৰীতি-নীতি সমুহ ৷ লক ডাউন অব্যাহত থকাৰ বাবেই মাথো পৰম্পৰা ৰক্ষা কৰিয়েই বহাগ বিহু উদযাপন কৰিলে অসমবাসীয়ে ৷ একেদৰে অনুষ্টুপীয়াকৈ আয়োজন কৰিয়েই সামৰি থ'বলগীয়া হ'ল আহোম ৰজাৰ দিনতে আৰম্ভ কৰা গোসাঁই ফুৰুৱা উৎসৱ ৷ এই ভয়াৱহ কৰ'ণা আৰু লকডাউনৰ বাবে এইবাৰ গুপ্তকাশী বিশ্বনাথত উদযাপন কৰা নহ'ল ঐতিহাসিক গোসাঁই ফুৰুৱা উৎসৱ ৷

উল্লেখ্য যে প্ৰতি বছৰে এই গোসাঁই বিহুৰ দিনটোত অৰ্থাৎ ব'হাগৰ দ্বিতীয়টো দিনত গুপ্তকাশী বিশ্বনাথ ঘাট বাসীয়ে পালন কৰে গোসাঁইৰ ফুৰুৱা উৎসৱ ৷ সমগ্ৰ দেশতে যাতে কোনো অপায় অমংগলে দেখা নিদিয়ে সেই প্ৰাৰ্থনাৰে গোসাঁই বিহুৰ দিনা ৰাজ্যৰ নামঘৰে-দেৱালয়ে গোসাঁইক আৰাধনা কৰে অসমীয়াই ৷ কিন্তু লক ডাউন বাহাল থকাৰ বাবে কেৱল পৰম্পৰা ৰক্ষা কৰি পালন কৰা হৈছে গোসাঁই বিহু ৷ উল্লেখযোগ্য যে,একপ্ৰকাৰে এই বাৰ ভংগ হ'ল 336 বছৰীয়া ঐতিহাসিক পৰম্পৰা ৷ 1684 চনত আহোম ৰজা গদাধৰ সিংহই আৰম্ভ কৰা গোসাঁই ফুৰুৱা উৎসৱ এইবেলি বন্ধ ৰখা হ'ল বিশ্বনাথ চাৰিআলিত ৷

পূৰ্বে বিশ্বনাথ দেৱালয়ৰ পৰা 5 কিলোমিটাৰ খোজকাঢ়ি গোসাঁইক কান্ধত উঠাই ভিৰগাঁৱলৈকে নি কাইধাপত দিনটোৰ বাবে প্ৰতিষ্ঠা কৰা হয় আৰু পুনৰ বিয়লি গোসাঁইক দেৱালয়লৈ ওভতাই অনা হয় ৷ কিন্তু এইবেলি কেৱল চাকি–বন্তি জ্বলায়েই পৰম্পৰা ৰক্ষা কৰিলে বিশ্বনাথবাসীয়ে ৷ কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে এইবাৰ গোসাঁইক দিনটোৰ বাবে প্ৰতিষ্ঠা কৰি,ভিৰ গাঁৱৰ কাইধাপত স্থানীয় কেইজনমান ব্যক্তিয়ে চাকি–বন্তি জ্বলাই কেৱল পৰম্পৰা ৰক্ষা কৰে ৷

সমান্তৰালকৈ গুপ্তকাশী বিশ্বনাথ দেৱালয়ত সম্পূৰ্ণ মাংগলিক নীতিৰে গোসাঁইক দেৱালয়ৰ পৰা উলিয়াই আনি দেৱালয়ৰ চৌহদৰ ভিতৰে চাৰিওকাষে পৰিভ্ৰমণ কৰাই পৰম্পৰা ৰক্ষা কৰা হয় ৷ ইয়াৰ পিছত গোসাঁইক দেৱালয়ৰ চাৰিওফালে তিনিপাক ঘূৰাই পুনৰ মূল মন্দিৰলৈ লৈ যোৱা হয় ৷ উল্লেখ্য যে, দেৱালয়ৰ চৌহদত যাতে কোনো লোকে আহি ভিৰ কৰিবহি নোৱাৰে তাৰ বাবে পুৱাৰে পৰা গিজগিজাই আছিল নিৰাপত্তাৰক্ষী ৷ নিজৰ পৰম্পৰা ৰক্ষাৰ নামত একাংশ লোক দেৱালয়লৈ আহিছিল যদিও আৰক্ষীয়ে বুজাই বঢ়াই উভতাই পঠিয়াই সেইসকল লোকক ৷ ইফালে বছৰ বছৰ ধৰি উলহ–মালহৰে পালন কৰি অহা এই পৰম্পৰাৰ পৰা বঞ্চিত হৈ আবেগিক হৈ পৰাও দেখা পোৱা গ'ল একাংশ লোকক ৷

লগতে পঢ়কঃ বিশ্বনাথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.