ETV Bharat / state

3 Rhino Poachers detained: কাজিৰঙাত গঁড় হত্যাৰে জড়িত তিনি চোৰাং চিকাৰীক আটক

author img

By

Published : Apr 1, 2023, 7:19 PM IST

জখলাবন্ধা আৰক্ষীৰ জিম্মাত গঁড় নিধনকাৰী তিনি সন্দেহযুক্ত চোৰাংচিকাৰী (3 Rhino Poachers detained) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহ ।

3 Rhino Poachers detained at Kaliabor
তিনি চোৰাং চিকাৰীক আটক

বিশ্বনাথ, 1 এপ্ৰিল: ৰাজ্যত গঁড় সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো গা লৰা নাই চোৰাং চিকাৰীৰ (Rhino Poachers detained at Kaliabor) ৷ আৰক্ষী, বনকৰ্মীক ভেঙুচালি কৰি এতিয়াও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনকাৰীয়ে পিয়াপি দি ফুৰিছে ৷ শনিবাৰে জখলাবন্ধা আৰক্ষীয়ে তিনিটা সন্দেহজনক চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় (3 Rhino Poachers detained)৷ আটকাধীন চোৰাং চিকাৰীকেইটা ক্ৰমে হাৰুন ইছলাম (24), ৰেকোট আলী (45) আৰু জুবান আলী (44)। এই তিনি চোৰাং চিকাৰীকেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

উল্লেযোগ‍্য যে, যোৱা 26 মাৰ্চত বিয়লি বাগৰিৰ পশ্চিম ৰেঞ্জৰ অন্তৰ্গত কাঠপাৰা শিবিৰৰ বৰমেৰ বিলত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় । খৰ্গবিহীন গঁড়টো 4/5 দিন পূৰ্বে চোৰাং চিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ কৰা হৈছিল ৷ গঁড়টোক হত্যা কৰি খৰ্গ কাটি লৈ উধাও হৈছিল চোৰাং চিকাৰী ৷ গঁড় হত্যাৰ খবৰ পায়েই বন বিভাগ, আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ গঁড়টোৰ মৃতদেহটো উদ্ধাৰ কৰিছিল ৷

উল্লেখ্য যে, এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অসমত মাত্ৰ এবছৰ আগলৈকে চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল বহু গঁড় ৷ এক তথ্য অনুসৰি 2000 চনৰ পৰা 2021 চনলৈকে অসমত প্ৰায় 190 টা গঁড় হত্যা কৰা হৈছিল ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ চাহিদা অধিক বুলি থকা এক প্ৰচাৰৰ গইনা লৈয়েই চোৰাং চিকাৰীয়ে হত্যা কৰিছিল গঁড়সমূহ (One horn rhino killing in Assam) ৷

বিগত বৰ্ষত অসম চৰকাৰে গঁড়ৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে গঁড়ৰ খৰ্গৰ যে তেনে কোনো বজাৰ মূল্য নাই সেই বিষয়ে সজাগতা অনাৰ প্ৰয়াৰ চলাইছিল ৷ ৰাজ্যৰ বিভিন্ন কোষাগাৰত থকা বহুসংখ্যক এনে খৰ্গ বোকাখাতত ৰাজহুৱাকৈ দাহ কৰিছিল চৰকাৰে ৷ তাৰ পাচতেই 2022 চনত এটাও গঁড়ৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱা নাছিল অসমত ৷ এতিয়া পুনৰ চোৰাং চিকাৰী নামিছে গঁড় চিকাৰত ৷ 2022 বৰ্ষত শূন্য গঁড় হত্যাৰ অভিলেখ গঢ়াৰ পাচত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সংঘটিত হৈছে এই বছৰৰ প্রথমটো গঁড় হত্যাৰ ঘটনা (Assam Rhino killing incident) ৷

ইফালে ৭৩ সংখ্যক গণৰাজ্য দিৱসত কাজিৰঙাত গঁড় সুৰক্ষাৰ বাবে অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ কৰা হৈছিল ৷ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত অত্যাধুনিক মৰণাস্ত্ৰৰে অভিজ্ঞ এই কামাণ্ডো বাহিনীয়ে অহৰ্নিশে গঁড় সুৰক্ষাৰ বাবে পহৰা দিয়ে ৷ কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলত ১০জন আৰু উত্তৰ পাৰৰ বিশ্বনাথ বন সংমণ্ডলত ১০জন কামাণ্ডো নিয়োগ কৰিছে চৰকাৰে । প্ৰতিদিনে বিভিন্ন বন শিবিৰত বাহৰ পাতি চোৰাং চিকাৰীক ৰুধিবলৈ সষ্টম হৈ এই কামাণ্ডো বাহিনী ।

লগতে পঢ়ক: Assam Rhino killing incident: আকৌ গঁড়ৰ চোৰাং চিকাৰ; বাগৰিত খৰ্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.