ETV Bharat / state

বিশ্বনাথত পুনৰ ৩টা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ - ধেমাজি

নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলাত ৩টা অঞ্চল কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰিছে উক্ত অঞ্চল কেইটাত ৷

3 Place Containment zone Allowed by Administration At Boswanath
বিশ্বনাথত পুনৰ ৩টা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ
author img

By

Published : Jul 7, 2020, 10:38 PM IST

বিশ্বনাথ, ৭ জুলাইঃ বিশ্বনাথৰ তিনিটা অঞ্চলত পুনৰ কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে । ঘোষণা কৰা এই কন্টেইনমেন্ট জ'ন তিনিটা হৈছে নাগশংকৰৰ চমাৰদলনি, চতিয়াৰ বৰাচুক আৰু বিশ্বনাথৰ মৰল গাওঁ । জানিব পৰা মতে, জিলাখনৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চমাৰদলনিৰ মনোজ বাচকোটা নামৰ এজন ব্যক্তি নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মনোজ বাচকোটাৰ চমাৰদলনিৰ গৃহ অঞ্চলটোক আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে ।

3 Place Containment zone Allowed by Administration At Boswanath
বিশ্বনাথত পুনৰ ৩টা অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

একেদৰে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চতিয়াৰ বৰা চুক নিবাসী চিনু বৰা শইকীয়া নামৰ মহিলা গৰাকীও নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে চিনু বৰা শইকীয়াৰ গৃহ অঞ্চলটোকো আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে । কালি আবেলি ৭ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকা দুটা কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে । আনহাতেদি বিশ্বনাথৰ মৰল গাওঁ নিবাসী মুকুল বৰকটকী নামৰ ব্যক্তিজনো নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মুকুল বৰকটকীৰ মৰল গাৱঁৰ গৃহ অঞ্চলটোক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে। বুধবাৰৰ ৬ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকাটোক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে ।

উল্লেখ্য যে, ক'ভিড-১৯ত আক্ৰান্ত হোৱা মনোজ পৰাজুলি ধেমাজি বিশাল মেগামাৰ্টৰ কৰ্মচাৰী আছিল। অন্যহাতেদি চিনু বৰা শইকীয়া আৰু মুকুল বৰকটকী নামৰ ব্যক্তি দুগৰাকী গুৱাহাটীত কৰ্মৰত ক'ভিড-১৯ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ পৰোক্ষভাৱে সংস্পৰ্শলৈ আহিছিল। জিলাখনত কোভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে এই এলেকাসমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাসমূহ ছীল কৰিছে ৷ বিশ্বনাথ জিলা দণ্ডাধীশে অসম ক'ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷

লগতে পঢ়ক- পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.