বিশ্বনাথ চাৰিআলি, ১ জুলাই : বিশ্বনাথত ভয়াৱহ ৰূপত সামাজিক সংক্ৰমণ । বিজয় শংকৰ দাস নামৰ ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা ১৪ জনৰো অধিক লোকৰ দেহত পোৱা গ'ল কভিড-১৯ পজিটিভ । শেহতীয়াকৈ বিজয় শংকৰ দাসে চুলি কটা সঞ্জীৱ ঠাকুৰ নামৰ ব্যক্তিজনৰ পৰিয়ালৰ আটাইৰে পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাৰ পাছতেই বুধবাৰে আৰু তিনিজকৈ ব্যক্তিৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাত এতিয়া অধিক আতংকিত হৈছে সমগ্ৰ বিশ্বনাথ চাৰিআলি বাসী । বুধবাৰে ক'ভিড-১৯ পজিটিভ আক্ৰান্ত বুলি চিনাক্ত হোৱা তিনিগৰাকীৰ মাজৰ এগৰাকী বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী । তপন কুমাৰ সাহা নামৰ কৰ্মচাৰীগৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে উপায়ুক্তৰ কাৰ্যালয়তো কৰ্মচাৰী সকলৰ মাজত হুৱা-দুৱা লাগে ।
উল্লেখ্য যে, তপন কুমাৰ সাহা নামৰ কৰ্মচাৰী গৰাকী কোৱাৰেণ্টাইন কেন্দ্ৰত থকা অৱস্থাত পজিটিভ অহা নাছিল । সেয়েহে কৰ্মচাৰীজন সোমবাৰ পৰ্যন্ত বিশ্বনাথৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত থাকি কৰ্তব্য কৰি থকা বুলি জানিব পৰা গৈছে ।
বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া ডাঃ এলিজা ডেকাই অনানুস্থানিক ভাবে জানিব দিয়া মতে, উপায়ুক্ত কাৰ্যালয়ৰ তপন কুমাৰ সাহা নামৰ ব্যক্তিগৰাকীৰ দেহলৈ ক'ৰ পৰা ক'ভিড-১৯ পজিটিভ সংক্ৰমিত হৈছে সেইলৈ কোনো তথ্য বৰ্তমানেও নিশ্চিত কৰিব পৰা নায় ।
আনহাতে বুধবাৰে ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱা অন্য দুগৰাকী ব্যক্তিৰ এগৰাকী বালিপুখুৰী ITI স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা পুতুল স্বৰ্গীয়াৰী বহিঃৰাজ্য পৰা আহি কোৱাৰেণ্টাইনত থকাৰ সময়ত ব্যক্তিগৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱা গৈছে । ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱা গংগাৰাম বাছমেত নামৰ তৃতীয় গৰাকী ব্যক্তি বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰতে আছিল ।
বুধবাৰে নতুনকৈ চিনাক্ত হোৱা ক'ভিড-১৯ পজিটিভ আক্ৰান্ত তিনিওগৰাকীকে ইতিমধ্যে বালিচাং কভিড-১৯ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়ক : জয়পুৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন যুৱকৰ