ETV Bharat / state

Youth went missing in Beki River: নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন; কথমপি প্ৰাণ ৰক্ষা আন চাৰি যুৱকৰ

author img

By

Published : Aug 8, 2022, 9:30 AM IST

Updated : Aug 8, 2022, 10:14 AM IST

কোবাল সোঁতে উটুৱাই নিয়ে বেঁকী নৈত গা ধুবলৈ যোৱা এজন যুৱকক (Youth went missing in Beki River) ৷ আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে চাৰি যুৱকৰ ৷ যুৱককেইজনৰ ঘৰ বৰপেটাৰোড চহৰৰ ১ নম্বৰ ৱাৰ্ডৰ শাখাৰীপাৰাত বুলি জানিব পৰা গৈছে ৷

Young boy missing in Beki River in Barpeta
নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন, কথমপি প্ৰাণ ৰক্ষা আন চাৰি যুৱকৰ

বৰপেটাৰোড, 8 আগষ্ট: বেঁকী নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন (Youth went missing in Beki River) ৷ আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে চাৰি যুৱকৰ ৷ সন্ধানহীন হোৱা যুৱকজনৰ নাম বিশাল সাহা বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি যুৱককেইজনৰ ঘৰ বৰপেটাৰোড চহৰৰ ১ নম্বৰ ৱাৰ্ডৰ শাখাৰীপাৰাত ৷

জানিব পৰা মতে, দেওবাৰে দুপৰীয়া গা ধুৱাৰ উদ্দেশ্যৰে 7 বন্ধু একেলগে গৈছিল বৰপেটাৰোডৰ শাখাৰীপাৰ কেটেল ফাৰ্মৰ সমীপৰ বেঁকী নৈলৈ ৷ কিন্তু তাৰ মাজৰ দুজন যুৱকে বেঁকী নৈৰ কোৱাল সোঁত প্ৰত্যক্ষ কৰি গা ধুবলৈ পানীত নমা নাছিল ৷ গা ধুবলৈ পানীত নমা পাঁচজন যুৱক আছিল ক্ৰমে বিশাল সাহা, গৌৰৱ সাহা, প্ৰকাশ সৰকাৰ, নিধেৱ ঘোষ আৰু আদিত্য ভৌমিক ৷

নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন; কথমপি প্ৰাণ ৰক্ষা আন চাৰি যুৱকৰ

উল্লেখ্য যে, গা ধুবলৈ নামি পানীত সাঁতুৰি থকা অৱস্থাতে বেঁকীৰ নৈৰ কোবাল সোঁতত আটাইকেইজন যুৱক পানীত ডুব গৈছিল ৷ সেই সময়ত কেটেল ফাৰ্মত ভিডিঅ’ এলবামৰ ছুটিং কৰিবলৈ যোৱা আশ্ৰফ উদ্দিন নামৰ লোকজনে যুৱককেইজনক পানীত ডুব যোৱা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ বেঁকী নৈত জাপ দি চাৰিজন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্ভাগ্যজনকভাৱে বিশাল সাহা নামৰ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল (Youths barely survived while bathing in Beki river) ৷

পাছত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰোৱাত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোক উপস্থিত হৈ বেঁকী নৈত বিশাল সাহাৰ সন্ধান অব্যাহত ৰাখিছে যদিও এই মূহুৰ্তলৈকে বিশাল সাহাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

আনহাতে বেঁকী নৈৰ পৰা উদ্ধাৰ কৰা চাৰি যুৱকক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইপিনে বেঁকী নৈত সন্ধানহীন হোৱা বিশাল সাহা আছিল পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান ৷ তাৰোপৰি বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য কলেজত অধ্যয়নৰত বিশাল সাহা এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰ ৷ টিউচন কৰি নিজেই কলেজৰ খৰচ উলিওৱাৰ লগতে পৰিয়ালটোকো পোহপাল দি আহিছিল যুৱকজনে ৷ মেধাৱী ছাত্ৰজন নৈত এনেদৰে সন্ধানহীন হোৱাৰ ফলত কান্দোনত ভাঙি পৰিছে আত্মীয়ৰ লগতে অঞ্চলবাসী ৷

লগতে পঢ়ক: Child missing in Brahmaputra at Barpeta: বহৰিত ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশু

Last Updated : Aug 8, 2022, 10:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.