ETV Bharat / state

Youth beaten up by a mob: প্ৰেমিকাক লগ কৰিবলৈ গৈ ৰাজহুৱা কিল খালে প্ৰেমিকে ! - Mother fell in love

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ স্বামী দিল্লীত থকাৰ সুযোগ লৈ এদিন কথা পাতিয়েই নতুনকৈ প্ৰেমত পৰিছিল দুই সন্তানৰ মাতৃয়ে (Mother fell in love) ৷ পৰিনতি- প্ৰেমিকাৰ ঘৰতেই ৰাজহুৱা কিল খালে প্ৰেমিকে (Youth beaten up by a mob) ৷

Extra Marital Affair at Jania
প্ৰেমিকাক লগ কৰিবলৈ ৰাজহুৱা কিল খালে প্ৰেমিকে
author img

By

Published : Jul 15, 2022, 9:00 AM IST

জনীয়া, 15 জুলাই: প্ৰেমৰ আবিৰ উৰে আকাশে বতাহে ৷ প্ৰেমে নামানে বয়সৰ সীমা ৷ প্ৰেমে মাথোঁ জানে প্ৰেমৰ ঠিকনা ৷ প্ৰেমে নামানে জাতি-ধৰ্ম, প্ৰেমে নামানে ডেকা- গাভৰু । কিন্তু এই প্ৰেমৰো আছে ভয়াবহ ৰূপ ৷ জনীয়াত পৰকীয়া প্ৰেমৰ পৰিনতি - প্ৰেমিকাৰ ঘৰতেই ৰাজহুৱা কিল খালে প্ৰেমিকে ৷ গৰুৰ পঘাৰে বান্ধি প্ৰেমিকাৰ ঘৰতে প্ৰেমিকক সোধালে উত্তম-মধ্যম (Youth beaten up by a mob while trying to meet his girlfriend) ৷

ঘটনা অনুসৰি মোবাইল ফোনত এদিন কথা পাতিয়েই বৰপেটা জিলাৰ বালিকুৰী আৰক্ষী চকীৰ অন্তৰ্গত জনতা গাঁৱৰ তৈয়ব আলী নামৰ এজন বিবাহিতা যুৱকে দুই সন্তানৰ এগৰাকী মাতৃৰ প্ৰেমত পৰে ৷ মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে দিল্লীত ৷ গাখীৰতে ম'হৰ খুঁটি- এই সপোনৰেই প্ৰেমিক আহিলে প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ ৷ কিন্তু ইয়াতেই লাগিল কেনা ৷

প্ৰেমিকাক লগ কৰিবলৈ গৈ ৰাজহুৱা কিল খালে প্ৰেমিকে !

প্ৰেমিকাৰ ঘৰৰ ওচৰত প্ৰেমিকে পাইছাৰি কৰি থাকোঁতেই চকু পৰিল ওচৰ চুবুৰীয়া ৷ ইজন সিজনকৈ মানুহে সন্দেহৰ চকুৰে চোৱা বুলি গম পাইয়েই পলাবলৈ চেষ্টা কৰে তৈয়বে ৷ লগে লগে গাঁৱৰ লোকে হুলস্থুল কৰি প্ৰেমিক তৈয়বক ধৰি গৰুৰ পঘাৰে বান্ধি প্ৰেমিকাৰ ঘৰতে উত্তম মাধ্যম সোধাই (Mother fell in love) ৷

ঘটনা বিষম দেখি প্ৰেমিকক বচাবলৈ মুখ খুলিলে প্ৰেমিকাই ৷ তেওঁ স্বীকাৰ কৰে নিজ প্ৰেমৰ সম্পৰ্কৰ কথা ৷ এদিন ফোনত কথা পতাৰ পিছতেই দুয়েৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল বুলি অন কেমেৰা জনায় ৷ কিন্তু প্ৰেমিকৰূপী যুৱকজনে তেওক লগ কৰিবলৈ অহাৰ কথা অস্বীকাৰ কৰে মহিলাগৰাকীয়ে ৷ তেওঁ ক'লৈ আহিছিল সেয়া মই গম নাপাওঁ বুলি জানিবলৈ দিয়ে মহিলাগৰাকীয়ে ৷ এই ঘটনাৰ কথা মুহুৰ্ততে বিয়পি পৰাত বান্ধি থোৱা প্ৰেমিকক চাবলৈ প্ৰেমিকাৰ ঘৰত লোকৰ আগমন ঘটে ৷

ঘটনাস্থলীত সংবাদমাধ্যমৰ লোক উপস্থিত হোৱাত প্ৰেমিক তৈয়বে প্ৰেমৰ সম্পৰ্কৰ কথা নস্যাৎ কৰি কয় "মই তেওঁৰ লগত এদিনহে কথা পাতিছিলে ৷ তেওঁৰ লগত মোৰ কোনো প্ৰেমৰ সম্পৰ্ক নাই ৷ মই তেওঁক লগ কৰিবলৈ অহা নাছিলো ৷ মোক গাঁৱৰ লোকে জোৰ জবৰদস্তি পথৰ পৰা উঠাই আনি মাৰ-পিট কৰিছে ৷"

লগতে পঢ়ক : Dimow River suicide case: পৰকীয়া প্ৰেম কৰি ৰঙা ঘৰৰ আলহী হ’ল নিতাইপুখুৰীৰ এটা দম্পত্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.