ETV Bharat / state

Operation Against Child Marriage: বিবাহিত যুৱকে পলুৱাই আনিলে নাবালিকাক - Minor girl run away with lover

ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে চৰাকৰ আৰু প্ৰশাসনে মাৰবান্ধি থিয় হোৱাৰ পিচতো এজন বিবাহত যুৱকে মৰসাহ কৰিলে এনে অপৰাধ সংঘটিত কৰাৰ ৷ এগৰাকী কিশোৰীক বিয়া পতাৰ প্ৰতিশ্ৰুতি দি পলুৱাই আনিলে এজন বিবাহিত যুৱকে (Youth abducted minor girl for marriage)

married man escapes a Minor girl at Kalgachia
বিবাহিত যুৱকে পলুৱাই আনিলে নাবালিকাক
author img

By

Published : Feb 5, 2023, 8:51 AM IST

বিবাহিত যুৱকে পলুৱাই আনিলে নাবালিকাক

জনীয়া, 5 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বাল্যবিবাহ বিৰোধী অভিযান চলি থকাৰ মাজতেই কলগাছিয়াত সংঘটিত হৈছে অনুৰূপ ঘটনা (Child marriage case at Kalgachia) ৷ চৰকাৰৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই এগৰাকী কিশোৰীক বিয়া পতাৰ প্ৰলোভন দি পলুৱাই আনিলে এজন বিবাহিত যুৱকে (Married man abducted a Minor girl) ৷

ঘটনাৰ বিৱৰণী অনুসৰি ২২ বছৰীয়া শ্বাহজাহান আলী নামৰ বিবাহিত যুৱকজনৰ নিকটৱৰ্তী এগৰাকী 15 বছৰীয়া কিশোৰীৰ লগত বন্ধুত্ব স্থাপন হৈছিল ৷ পৰৱৰ্তী সময়ত বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ’ল ৷ কিন্তু তেতিয়ালৈ যুৱকজন যে ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে সেই কথা তেওঁৰ প্ৰেমিকা তথা কিশোৰীগৰাকীয়ে জনা নাছিল ৷ প্ৰেমৰ সম্পৰ্কক সামাজিক স্বীকৃতি দিবলৈ যুৱকজনৰ কথা অনুসৰি কিশোৰীগৰাকীয়ে ঘৰৰ পৰা পলাই আহে (Minor girl run away with lover) ৷

তাৰ পিচতে শ্বাহজাহানে কিশোৰীগৰাকীক লৈ মোমায়েকৰ ঘৰত থাকিবলৈ লয় ৷ ইফালে কিশোৰীগৰাকীক ঘৰত বিচাৰি নাপায় পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱা লাগে ৷ তেওঁলোকে কন্যাৰ সন্ধানত কলগাছিয়া থানাত এক গোচৰ দাখিল কৰে ৷ আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত সোধা-পোছা কৰোতেই শ্বাহজাহানৰ কথা জানিবলৈ পাৰে ৷

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শ্বাহজাহানৰ মোমায়েক হামিদ আলীৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Minor girl recovered at Kalgachia) ৷ আৰক্ষীয়ে ততাতৈয়াকৈ নাবালিকা আৰু ধৃত শ্বাহজাহান আলীক কলগাছিয়া আৰক্ষী থানালৈ আনি বৰপেটা অসামৰিক চিকিৎসালয়ত (Barpeta civil hospital) স্বাস্থ্য পৰীক্ষা কৰায় ৷ সম্প্ৰতি দুয়োকে বৰপেটা সদৰ আৰক্ষীক হস্তান্তৰ কৰিছে কলগাছিয়া আৰক্ষীয়ে ৷

উল্লেখ্য যে, ৰাজ্যত বৃহস্পতিবাৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশানুসৰি বাল্যবিবাহ কৰাৰ লগতে জড়িত থকা সকলোৰে বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত আছে ৷ এতিয়ালৈকে এই অভিযানত প্ৰায় 2044 গৰাকী লোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যত ভয়াৱহ ৰূপত বাল্যবিবাহৰ গোচৰ ৰুজু হোৱাৰ পিচতে এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষী অভিযান অব্যাহত থকাৰ সময়তেই বৰপেটা জিলাৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি 2022 বৰ্ষত জিলাখনত 9097 গৰাকী কিশোৰীয়ে জন্ম দিছে সন্তান ৷ এই তথ্যক লৈ কেৱল বৰপেটা জিলাতেই নহয় সমগ্ৰ ৰাজ্যতে উদ্বেগৰ সৃষ্টি হৈছে ৷

ইফালে, বৃহস্পতিবাৰে নিশাৰ পৰা জিলাখনত বাল্যবিবাহত বিৰোধী চলা অভিযানত মুঠ 114 জনক আটক কৰা হৈছে ৷ ইয়াৰে ভিতৰত জিলাখনত বাল্যবিবাহ সম্পন্ন কৰা 16 জন কাজীও জড়িত আছে ৷ আটকাধীন সকলৰ ভিতৰত বৰপেটা থানাত 17 জন, হাউলী থানাত 22 জন, কলগাছিয়া আৰক্ষী থানাত 20 জন, বৰপেটাৰোড থানাত 14 জন, তাৰাবাৰী আৰক্ষী থানাত 10 জন, সৰ্থেবাৰী আৰক্ষী থানাত 11 জন, কাছুমাৰা আৰক্ষী থানাত 4 জন, বাঘবৰ আৰক্ষী থানাত 8 জন, সৰভোগ আৰক্ষী থানাত 3 জন, আৰু আলোপতি আৰক্ষী থানাত 5 জনক আটক কৰা হৈছে ৷

লগতে পঢ়ক: Minor girl raped and filmed: কিশোৰীৰ লগত অপকৰ্মৰ ভিডিঅ’ ভাইৰেল কৰি ৰঙাঘৰলৈ কামদেৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.