ETV Bharat / state

চাৰি বছৰে সন্ধান নাই কলগাছিয়াৰ মফিদুলৰ

author img

By

Published : Oct 8, 2021, 1:42 PM IST

চাৰি বছৰ পূৰ্বে গুৱাহাটীত চাহৰ দোকানত কাম কৰিছিল মফিদুলে । কিন্তু হঠাৎ সন্ধানহীন হৈ পৰে যুৱকজন । অৱশেষত আৰক্ষীৰ কাষ চাপিছে মফিদুলৰ পৰিয়াল ।

missing case
চাৰি বছৰে সন্ধান নাই কলগাছিয়াৰ মফিদুলৰ

জনীয়া, ৮ অক্টোবৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি আৰক্ষী চকীৰ অধীনস্থ বালিকুৰি এন চি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । গাঁওখনৰ এজন যুৱক প্ৰায় ৪ বছৰ ধৰি নিৰুদ্দেশ হৈ আছে । যুৱকজন হৈছে নুৰ আলমৰ পুত্ৰ মফিদুল ইছলাম । প্ৰায় ৪ বছৰ পূৰ্বে কৰ্মসংস্থাপন বিচাৰি পৰিয়ালৰ সৈতে দিল্লীলৈ গৈছিল মফিদুল ইছলাম ।

দিল্লীত প্ৰায় ৮ মাহ মান থকাৰ পাছত বন্ধুৰ সৈতে পুনৰ অসমলৈ উভটি আহে মফিদুল । তাৰ পাছত গুৱাহাটীৰ এখন চাহ দোকানত কাম কৰিবলৈ আৰম্ভ কৰে যুৱকজনে । কিন্তু তাৰ কিছুদিন পিছৰে পৰা নিৰুদ্দেশ হৈ পৰে যুৱকজন । পৰিয়ালৰ লোকে বহুত বিচাৰে যদিও মফিদুলৰ কোনো সম্ভেদ নাপালে ।

অৱশেষত বালিকুৰি আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে মফিদুলৰ পৰিয়ালে । সম্প্ৰতি ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে । চাৰি বছৰে ক'ত আছে মফিদুল ? কোনো দুষ্টচক্ৰৰ কৱলত পৰিছে নেকি মফিদুল ?

বিভিন্ন ধৰণৰ চিন্তাত পিতৃ-মাতৃকে ধৰি সমগ্ৰ পৰিয়ালটো এতিয়া দুখত ভাগি পৰিছে । আৰক্ষী তথা অসম চৰকাৰক পৰিয়ালটোৱে আহ্বান জনাইছে যাতে অতিশীঘ্ৰে তেওঁলোকৰ পুত্ৰৰ সন্ধান উলিয়াই দিয়ে । ইফালে মফিদুলৰ কোনো সন্ধান পালে ৯৭০৭৫১৮৩৯৭ ফোন নম্বৰত পৰিয়ালক অথবা আৰক্ষীক যোগাযোগ কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে মফিদুলৰ পিতৃ-মাতৃয়ে ।

লগতে পঢ়ক :ডিফুত বিশেষভাৱে সক্ষম লোকক বিভিন্ন সামগ্ৰী প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.