ETV Bharat / state

আজি বিশ্ব আলোকচিত্ৰ দিৱস - আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান

বিশ্বত আজি পালন কৰা হৈছে ‘বিশ্ব আলোকচিত্ৰ দিৱস’ ৷ আলোকচিত্ৰ দিৱস উপলক্ষে আজি বৰপেটাত অনুষ্ঠিত কৰা হৈছে ফটোগ্ৰাফী প্ৰদৰ্শনীৰ অনুষ্ঠান ৷

আজি বিশ্ব আলোকচিত্ৰ দিৱস
author img

By

Published : Aug 19, 2019, 9:27 AM IST

বৰপেটা, ১৯ আগষ্টঃ আজি বিশ্বজুৰি পালন কৰা হৈছে আলোকচিত্ৰ দিৱস ৷ ১৯৩৯ চনৰ ১৯ আগষ্টত ফ্ৰাঞ্চত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল বিশ্ব আলোকচিত্ৰ দিৱস ৷ তাৰ পিচৰ পৰাই প্ৰতিবছৰে বিশ্বজুৰি অনুষ্ঠিত হৈ আহিছে আলোকচিত্ৰ দিৱস ৷ বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বৰপেটাতো অনুষ্ঠিত কৰা হৈছে আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ ৷

আজি বিশ্ব আলোকচিত্ৰ দিৱস

বৰপেটাৰ এগৰাকী মননশীল ফটোগ্ৰাফাৰ সত্যজিৎ বায়নৰ প্ৰায় 40 খন চিত্ৰকলৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰদৰ্শনী অনুষ্ঠান ৷ বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ বিবিধ সমলৰ লগতে আলোকচিত্ৰ সমূহত স্থান পাইছে সমাজ আৰু প্ৰকৃতিয়ে ৷ দেওবাৰৰ পৰা বৰপেটা প্ৰেছ ক্লাৱত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে এই প্ৰদৰ্শনী অনুষ্ঠানৰ ৷ এই আলোকচিত্ৰ প্ৰদৰ্শনীখনৰ জৰিয়তে বৰপেটাৰ নতুন প্ৰজন্মক আলোকচিত্ৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰেই এই প্ৰচেষ্টা হাতত তুলি লৈছে সত্যজিৎ বায়নে ৷ ইতিমধ্যে প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হোৱা আলোকচিত্ৰ সমূহে চিত্ৰৰসিক সকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰৰ পৰা যথেষ্ঠ সংখ্যক ক’লা অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে এই আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানত ৷

Intro:
বৰপেটা, ১৯ আগষ্টঃ আজি বিশ্ব আলোকচিত্ৰ দিৱস ৷ ১৯৩৯ চনৰ ১৯ আগষ্টত ফ্ৰাঞ্চত অনুষ্ঠিত হৈছিল প্ৰথম আলোকচিত্ৰ দিৱস ৷ তাৰপিচৰ পৰাই প্ৰতিবছৰে বিশ্বজুৰি অনুষ্ঠিত হৈ আহিছে আলোকচিত্ৰ দিৱস ৷ আলোকচিত্ৰ দিৱস উপলক্ষে বৰপেটাতো অনুষ্ঠিত হৈছে এখন আলোকচিত্ৰ প্ৰদৰ্শনী ৷ Body:বৰপেটাৰ এগৰাকী মননশীল ফটোগ্ৰাফাৰ সত্যজিৎ বায়নৰ প্ৰায় দুকুৰিখন চিত্ৰক লৈ অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী ৷ বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ বিবিধ সমলৰ লগতে আলোকচিত্ৰ সমুহত স্থান পাইছে সমাজ আৰু প্ৰকৃতিয়ে ৷ দেওবাৰৰ পৰা বৰপেটা প্ৰেছক্লাবত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই আলোকচিত্ৰ প্ৰদৰ্শনীখনৰ জৰিয়তে বৰপেটাৰ নতুন প্ৰজন্মক আলোকচিত্ৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্যোগ গ্ৰহন কৰিছে সত্যজিৎ বায়নে ৷ প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হোৱা আলোকচিত্ৰসমুহে চিত্ৰ ৰসিক সকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে প্ৰদৰ্শনীখন প্ৰত্যক্ষ কৰিবলৈ দেওবাৰৰ পৰা যথেষ্ঠসংখ্যক কলা অনুৰাগী দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷

Conclusion:বাইটঃ সত্যজিৎ বায়ন, ফটোগ্ৰাফাৰ ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.