বৰপেটা, 1 অক্টোবৰঃ সম কাম সম বেতন, দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ আৰু এইচ আৰ পলিচী ৰূপায়ণৰ দাবীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ প্ৰতিবাদী কাৰ্যসূচী ৷ 1, 2, 3, 10 আৰু 11 অক্টোবৰত 5 দিনীয়া কৰ্মবিৰতিৰ পালনৰ ঘোষণা কৰিছে ঠিকা ভিত্তিক কৰ্মচাৰীৰ সকলে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকা ভিত্তিক কৰ্মচাৰী পৰিষদৰ গোৱৰ্দ্ধনা ব্লক কমিটিৰ উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ কৰা হয় এই কৰ্মবিৰতি কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত সন্থাটোৱে ধাৰাবাহিক তিনিদিনৰ কৰ্ম বিৰতি পালন কৰি তেওঁলোকৰ ন্যায্য দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷
যদিহে চৰকাৰে উক্ত দাবী সমূহ পূৰণ নকৰে তেন্তে দ্বিতীয় পৰ্যায়ত 10 আৰু 11 অক্টোবৰত দুদিনীয়া কৰ্মবিৰতি পালন কৰিব ৷ ইয়াৰ পাছতো যদি কোনো ফলপ্ৰসূ ফলাফল নাপায় তেন্তে অনাগত দিনত অনিৰ্দষ্টকাললৈ কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷ উল্লেখ্য যে, বৰপেটা ৰোডৰ গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ মুঠ 85 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে পালন কৰিছে এই কৰ্মবিৰতি ৷