ETV Bharat / state

পত্নীক বিবস্ত্ৰ কৰি স্বামীয়ে ভাইৰেল কৰিলে ভিডিঅ’ - Women tortured by husband demanding dowry

কোনো অশিক্ষিত তথা পিছপৰা সমাজত নহয় এইবাৰ মহানগৰী গুৱাহাটীত সংঘটিত হৈছে যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ উপায়ন্তৰ হৈ স্বামীৰ বিৰুদ্ধে পত্নীয়ে ৰুজু কৰিছে গোচৰ ৷

women-tortured-by-husband-demanding-dowry-at-guwahati
মহানগৰীত যৌতুকৰ দাবীৰে পত্নীক স্বামীৰ অকথ্য নিৰ্যাতন
author img

By

Published : Jul 24, 2021, 10:15 PM IST

বৰপেটা, 24 জুলাই : ক'ভিড মহামাৰীৰ আতংক অব্যাহত থকাৰ মাজতে মহানগৰী গুৱাহাটীৰ ধীৰেণপাৰাত সংঘটিত হৈছে শিক্ষিত সমাজক লজ্জানত কৰা এক ঘটনা ৷ যৌতুকৰ দাবীৰ ধীৰেণপাৰাৰ মানকাটাৰ এজন ব্যক্তিয়ে নিজ পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ উপায়ন্তৰ হৈ ইতিমধ্যে স্বামীৰ বিৰুদ্ধে ফটাশিল থানাত এজাহাৰ দাখিল কৰিছে পত্নীয়ে ৷ ঘটনাকৈ লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

উল্লেখ্য যে, শেহতীয়াকৈ স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ ভুক্তভোগী মহিলাগৰাকীয়ে বৰপেটাৰ বিষ্ণুপুৰৰ নিজ পিতৃগৃহত আশ্ৰয় লৈ থাকিবলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ স্বামীৰ অত্যাচাৰত শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাত পাইছে মহিলা গৰাকীয়ে ৷ মহিলা গৰাকীয়ে উত্থাপন কৰা অভিযোগ মতে বিয়াৰ পিচৰপৰাই স্বামীয়ে কাঠৰ ফাৰ্ণিচাৰৰ অজুহাত, নগদ ধন আদি বিচাৰি তেঁওৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে ৷

মহানগৰীত যৌতুকৰ দাবীৰে পত্নীক স্বামীৰ অকথ্য নিৰ্যাতন

আনকি নিৰ্যাতনৰ সকলো সীমা অতিক্ৰম কৰি তেঁওক বিবস্ত্ৰ কৰি মাৰপিট কৰাৰ লগতে সেইয়া ভিডিঅ' কৰি ভাইৰেল কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ৷

আনহাতে, কেইদিনমান পূৰ্বে কেৰাচিন তেল ঢালি মহিলাগৰাকীক জ্বলাই দিয়াৰ চেষ্টা চলোৱাৰ সময়তে নিজ সন্তানক লগত লৈ কোনোমতে পলাই আহি বৰপেটাৰ বিষ্ণুপুৰৰ পিতৃগৃহত আশ্ৰয় লৈছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ স্বামীয়ে উপৰ্যুপৰি চলোৱা অত্যাচাৰত জৰ্জৰিত মহিলাগৰাকীয়ে শনিবাৰে ফটাশিল থানাত এজাহাৰ দাখিল কৰি ইয়াৰ উচিত ন্যায় বিচাৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়ততে পৰিলক্ষিত হ'ব ৷

উল্লেখ্য যে, যৌতুকজনিত কাৰণতেই হওক বা অন্যান্য কাৰণতেই হওক বোৱাৰী নিৰ্যাতনৰ দৰে জঘণ্য ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন মহিলা সংগঠন তথা বেচৰকাৰী সংস্থাই অহৰহ চেষ্টা চলাই আছে ৷ তথাপি কিন্তু সমাজত বোৱাৰী নিৰ্যাতনৰ দৰে ঘটনা অনিয়ন্ত্ৰিত অৱস্থাতেই আছে ৷ গুৱাহাটী মহানগৰাৰী শিক্ষিত সমাজত সংঘটিত হোৱা এই ঘটনাই যেন পুনৰ উদঙাইছে ৰাজ্যত সংঘটিত হৈ থকা বোৱাৰী নিৰ্যাতনৰ দৰে জঘণ্য ঘটনাৰ প্ৰকৃত ছবি ৷

লগতে পঢ়কঃ স্বামীৰ অবৈধ সম্পৰ্কৰ বাবে আৰক্ষীৰ কাষ চাপিল পত্নী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.