ETV Bharat / state

স্বামীক বিচাৰি আহি অত্যাচাৰৰ বলি হ’ল আলিয়া

জনীয়াৰ কোকিলা মাজপাৰাত মহিলাক শাৰিৰীক অত্যাচাৰ চলোৱাৰ অভিযোগক লৈ উত্তেজনা । স্বামীক বিচাৰি শশুৰৰ ঘৰ পালেগৈ এগৰাকী মহিলা ৷

women alleged against husband's family
women alleged against husband's family
author img

By

Published : Apr 25, 2021, 8:59 PM IST

জনীয়া, 25 এপ্ৰিল : বৰপেটা জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত কোকিলা মাজপাৰা গাঁৱত উত্তেজনা ৷ স্বামীগৃহত আক্ৰমণৰ বলি এগৰাকী মহিলা ৷ কোকিলা মাজপাৰা গাঁৱৰ কালাম উদ্দিন নামৰ লোকজনে কলগাছিয়া গাঁৱৰ আলিয়া খাতুন নামৰ মহিলাগৰাকীক বিয়া পাতি জীৱিকা নিৰ্বাহ কৰি আছিল কলগাছিয়াৰ এখন চাহৰ দোকানত কাম কৰি । কিন্তু কিছুদিন পূৰ্বে মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে কালাম উদ্দিনক কলগাছিয়াৰ পৰা আনি গোপন কৰি ৰখাত দেওবাৰে স্বামীক বিচাৰি কোকিলা মাজপাৰাৰ স্বামীৰ ঘৰত উপস্থিত হয় আলিয়া খাতুন ৷

স্বামীক বিচাৰি আহি অত্যাচাৰৰ বলি হ’ল আলিয়া

স্বামীৰ ঘৰত উপস্থিত হোৱাৰ পাচতেই স্বামীৰ পৰিয়ালৰ সদস্যই শাৰীৰিক অত্যাচাৰ চলাই ঘৰৰ পৰা খেদি দিয়াৰ অভিযোগ উত্থাপন কৰে আলিয়া খাতুনে ৷ ফলত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় মহিলাগৰাকীৰ স্বামীৰ ঘৰত ৷

জানিব পৰা মতে, মহিলা গৰাকীৰ সৈতে দীৰ্ঘদিন ধৰি কালাম উদ্দিন নামৰ ব্যক্তিগৰাকীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পিছত বজালী জিলা নটাৰী আদালতত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু তেওঁলোকৰ এই বিবাহ কালামৰ পৰিয়ালে মানি লোৱা নাছিল যদিও কালাম আৰু আলিয়া খাতুনে স্বামী-স্ত্ৰীৰ সম্পৰ্ক অব্যাহত ৰাখিছিল । তাৰ পৰিপ্ৰেক্ষিততেই আলিয়া আহিছিল স্বামীক বিচাৰি জনীয়ালৈ ৷

লগতে পঢ়ক : এভাৰেষ্ট অভিযানৰ বাবে নেপালৰ অভিলেখ সংখ্যক অনুমতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.