ETV Bharat / state

কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ কলগাছিয়াৰ কৃষক

কলগাছিয়াত প্ৰকৃত কৃষকসকলক বঞ্চিত কৰি কৃষি বিভাগে (Agriculture Department) যোগান ধৰা "সৌৰ চালিত পাম্প" চোৰাংভাৱে অন্য লোককহে বিক্ৰী কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ৷ শীঘ্ৰেই বিষয়টো তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কৃষক সকলে ৷

Why are the silent farmers against the agriculture department in Kalgasia
কলগাছিয়াত কৃষি বিভাগৰ বিৰুদ্ধে কিয় সৰৱ কৃষক সকল !
author img

By

Published : Jun 24, 2021, 10:45 AM IST

জনীয়া,24 জুন: ৰাজ্যৰ প্ৰায়ভাগ জিলাতে উন্নয়ণৰ নামত এতিয়া তথৈবচ অৱস্থা ৷ বাট-পথ, কৃষি, শক্তি প্ৰায়বোৰ দিশতে বছৰৰ পাছত বছৰ দূৰ্ভোগ ভূগীবলগীয়া হৈছে ৰাইজে ৷ দেশে স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰিলে যদিও উন্নয়ণৰ নামত কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰেই সফল ৰূপায়ণ কৰিব পৰা নাই চৰকাৰী (Government scheme) আঁচনি সমূহ ৷ চৰকাৰে আঁচনি (Government scheme) ৰ নামৰ কোটি কোটি টকা খৰচ কৰে ঠিকেই, কিন্তু সেই আঁচনিৰ পৰা উপকৃত নহয় সৰ্বসাধাৰণ ৰাইজ ৷

ইফালে দৈনন্দিন বিভিন্ন বাতৰি কাগজ তথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে চৰকাৰী আঁচনি (Government scheme) সমূহ অসাৰ প্ৰতিপন্ন হোৱাহে পৰিলক্ষিত হৈ আহিছে ৷ ইফালে চৰকাৰী আঁচনি সমূহত ঠিকা লাভ কৰা একাংশ অসাধু ঠিকাদাৰৰ ব্যাপক দূৰ্নীতিয়ে হওক অথবা ঠিকাদাকে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মান কৰা বাবেই হওক, নিৰ্মাণৰ কিছুদিন পিছতেই জৰাজীৰ্ণ অথবা বিকল হৈ যোৱাৰ অভিযোগ কৰে ৰাইজে ৷

কলগাছিয়াত কৃষি বিভাগৰ বিৰুদ্ধে কিয় সৰৱ কৃষক সকল !

তেনেই এক ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলা(Barpeta District)ৰ জনীয়া সমষ্টিৰ অন্তৰ্গত পাথাৰ গাঁৱত ৷ অসম চৰকাৰৰ এটা অন্যতম বিভাগ হৈছে কৃষি বিভাগ ৷ এই কৃষি বিভাগতো ব্যাপক কেলেংকাৰী তথা দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ পোৱা গৈছে ৷ কৃষি বিভাগে (Agriculture Department) কৃষক ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰিছে বহু অভিলাসী আঁচনি ৷ তাৰে ভিতৰত "সৌৰ চালিত পাম্প" পানী যোগান আঁচনি খনো ইয়াৰ ব্যতিক্ৰম নহয় ৷

জনীয়া সমষ্টিৰ টাপাজুলি পাথাৰ গাঁৱত পাঁচ শতাধিক কৃষক আছে যদিও মাত্ৰ চাৰিজন কৃষকে লাভ কৰিছে "সৌৰ চালিত পাম্প" পানী যোগান আঁচনি । এপাচি শাকত এটা জলকীয়াৰ দৰে হাজাৰ হাজাৰ কৃষকৰ মাজত মাত্ৰ দুই চাৰিটা সৌৰ চালিত পাম্প কৃষি বিভাগে যোগান ধৰিছে বুলি অভিযোগ কৰিছে কৃষক সকলে ৷

উক্ত আঁচনি খনৰ পৰা নিদিষ্ট কেইজনমান কৃষকৰ বাহিৰে অঞ্চলটোৰ কৃষক ৰাইজে কোনো সুফল নোপোৱাৰ অভিযোগ তুলিছে স্থানীয় কৃষক সকলে ৷ অকল সেয়াই নহয়, চৰকাৰীভাৱে এই আঁচনি গ্ৰহণ কৰিছে যদিও প্ৰকৃত কৃষকসকলক বঞ্চিত কৰি চোৰাংভাৱে অন্যলোককহে সৌৰ চালিত পাম্প বিক্ৰী কৰে বুলি অভিযোগ কৰিছে জিলাখনৰ কৃষি বিভাগৰ বিৰুদ্ধে ৷

শীঘ্ৰে উক্ত বিষয়টো তদন্ত কৰি উচিত বিচাৰ কৰাৰ লগতে অঞ্চলটোৰ কৃষক ৰাইজৰ সহায়ক হোৱাকৈ পৰ্যাপ্ত পৰিমানে "সৌৰ চালিত পাম্প" যোগান ধৰিবলৈ চৰকাৰ তথা কৃষি বিভাগক আহ্বান জনাইছে স্থানীয় কৃষক সকলে ৷

লগতে পঢ়ক-সকলোৰে দৃষ্টি নিবদ্ধ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.