ETV Bharat / state

বৰপেটাত এসপ্তাহে বন্ধ পানীৰ যোগান - নখান্দা পানী উত্তোলন আঁচনি

বৰপেটা চহৰত এসপ্তাহ ধৰি বন্ধ হৈ আছে পৌৰসভাৰ পানী যোগান ৷ ডেৰ বছৰলৈ বন্ধ হৈ থকাৰ আশংকা ৷

ডেৰ বছৰলৈ বন্ধ হৈ থকাৰ আশংকা
বৰপেটাত এসপ্তাহে বন্ধ পানীৰ যোগান
author img

By

Published : Jun 17, 2020, 11:11 AM IST

বৰপেটা, 17 জুন : বৰপেটা চহৰত এসপ্তাহ ধৰি বন্ধ হৈ আছে পৌৰসভাৰ পানী যোগান ৷ বৰপেটা পৌৰসভাৰ অধীনত নখান্দা পানী উত্তোলন আঁচনিৰ অধীনত থকা চহৰখনৰ দুটাকৈ পানী ৰিজাৰ্ভাৰৰ জৰিয়তে চহৰবাসীক পানী যোগান ধৰা হৈছিল ৷ কিন্তু, ইয়াৰে এটা ৰিজাৰ্ভাৰৰ পৰা প্ৰায় দুবছৰ ধৰি পানী যোগান বন্ধ হৈ থকাৰ পিচত দক্ষিণহাটীৰ আনটো ৰিজাৰ্ভাৰৰ জৰিয়তেও পানী যোগান বন্ধ হৈ পৰিছে ৷ নখান্দা নদীত থকা পানী উত্তোলন যন্ত্ৰৰ কাৰিকৰী বিজুতি আৰু আঁচনিখন বন্ধ কৰি নতুন আঁচনিৰ কাম আৰম্ভ কৰাৰ বাবে এসপ্তাহে বন্ধ হৈ আছে পানী যোগান ৷ ফলত পানীৰ বাবে চহৰবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

বৰপেটাত এসপ্তাহে বন্ধ পানীৰ যোগান

আনহাতে, বৰপেটা পৌৰসভাৰ বিষয়াই জানিবলৈ দিয়া মতে, বৰপেটাত হয়তো ডেৰ বছৰলৈ বন্ধ হৈ থাকিব পানী যোগান ৷ নগৰ উন্নয়ন প্ৰকল্পৰ জৰিয়তে বৰপেটা চহৰত প্ৰায় 18 কোটি টকাৰ এখন আঁচনি ৰূপায়নৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ নতুনকৈ অনুমোদিত পানী যোগান আঁচনিখন ৰূপায়নৰ বাবে পূৰ্বৰ পানী যোগান কেন্দ্ৰৰ সকলো কাম-কাজ বন্ধ কৰি দিয়া হ'ব আৰু ইয়াৰ ফলত বৰপেটা চহৰখনত প্ৰায় ডেৰ বছৰলৈ পানী যোগান বন্ধ হৈ থাকিব বুলি প্ৰকাশ কৰে পৌৰসভাৰ বিষয়াই ৷

ডেৰ বছৰলৈ বন্ধ হৈ থকাৰ আশংকা
বৰপেটাত এসপ্তাহে বন্ধ পানীৰ যোগান

পিছে নতুন আঁচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে চহৰখনত বিকল্প পানী যোগানৰ কোনো ব্যৱস্থা গ্ৰহন কৰা হোৱা নাই ৷ পানী যোগানৰ কোনো বিকল্প ব্যৱস্থা গ্ৰহন নকৰাকৈ দক্ষিনহাটীত থকা পানী যোগান আঁচনিখন বন্ধ কৰি দিয়াৰ ফলত চহৰবাসীৰ পানীৰ সমস্যাই ভীষণ ৰূপ লোৱাটো নিশ্চিত ৷ পিছে চহৰবাসীৰ পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পৌৰসভা, জনস্বাস্থ্য কাৰিকৰী বিভাগ অথবা জিলা প্ৰশাসনে কি বিকল্প ব্যৱস্থা গ্ৰহন কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বৰপেটা চহৰবাসীৰ পানীৰ সমস্যাৰ সমাধান ৷

লগতে পঢ়ক : অসমত ৪,৫১০ লৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.