ETV Bharat / state

বৰপেটা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ডুবাৰু প্ৰশিক্ষণ - Barpeta

স্থায়ী সমাধান নোহোৱা ৰাজ্যৰ বান সমস্যাৰ লগত প্ৰত্যক্ষভাৱে যুঁজ দিবলৈ ডুবাৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ সোমবাৰে কলগাছিয়াৰ শ‌ওপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বৰপেটা জিলা দুৰ্যোগ আৰু প্ৰশমন প্ৰাধিকৰণৰ দ্বাৰা অনুষ্ঠিত এখন সজাগতামুলক সভাৰ জৰিয়তে বানৰ সময়ত ভয়াৱহ বিপদৰ পৰা কেনেকৈ বানাক্ৰান্ত উদ্ধাৰ হ'ব পাৰিব সেই সন্দৰ্ভত বেকী নৈত বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাইজক সজাগ কৰা পৰিলক্ষিত হয় ৷

water_rescue_training_at_jania
বৰপেটা জিলা দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণৰ দ্বাৰা ডুবাৰু প্ৰশিক্ষণৰ ব্যৱস্থা
author img

By

Published : Jun 1, 2021, 1:58 PM IST

জনীয়া,1 জুন: বাৰিষা অহাৰ লগে লগে ৰাজ্যবাসীলৈ আহে দুখৰ দিন ৷ কাৰণ প্ৰতিবছৰে প্ৰলংয়কাৰী বানে জুৰুলা কৰে ৰাজ্যবাসীক ৷ আজিলৈকে স্থায়ী সমস্যা নোহোৱা বান সমস্যাৰ লগত প্ৰত্যক্ষভাৱে যুঁজ দিবলৈ ডুবাৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ সোমবাৰে কলগাছিয়াৰ শ‌ওপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বৰপেটা জিলা দুৰ্যোগ আৰু প্ৰশমন প্ৰাধিকৰণৰ দ্বাৰা এক সজাগতামুলক সভাৰ আয়োজন কৰা হয় । জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ উপস্থিতিত বানৰ সময়ত ভয়াৱহ বিপদৰ পৰা কেনেকৈ বানাক্ৰান্ত উদ্ধাৰ হ'ব পাৰিব, সেই সন্দৰ্ভত বেকী নৈত বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাইজক সজাগ কৰা পৰিলক্ষিত হয় ।

বৰপেটা জিলা দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণৰ দ্বাৰা ডুবাৰু প্ৰশিক্ষণৰ ব্যৱস্থা

এই অনুষ্ঠানটোত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ কলিতা, জিলা তথ্য জনসংযোগ বিষয়া বিকাশ শৰ্মা, SDRF ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও অঞ্চলটোৰ ভালে সংখ্যক লোক উপস্থিত থাকে । এনেধৰণৰ সজাগতাৰ জৰিয়তে বানৰ সময়ত ৰাইজ বহু পৰিমাণে উপকৃত হ'ব বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: শিৱসাগৰত মেঘ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.