ETV Bharat / state

কলগাছিয়াত নিৰ্মাণৰ পিছতেই বৰষুণত ভাঙিল বাউণ্ডাৰীৱাল, কালভাৰ্ট

author img

By

Published : May 16, 2022, 10:32 PM IST

কলগাছিয়াত নিৰ্মাণৰ পিছতেই বৰষুণত ভাঙিল বাউণ্ডাৰীৱাল (Wall collapses due to heavy rain ) ৷ লগতে খহি গ’ল গড়কাপ্তানি পথৰ কালভাৰ্ট। জনিয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ তত্বাৱধানত এই ৱালখন আৰু কালভাৰ্টটো নিৰ্মাণ কৰা হৈছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

Wall collapses due to heavy rain soon after construction in Kalgachia
কলগাছিয়াত নিৰ্মাণৰ পিছতেই বৰষুণত ভাঙিল বাউণ্ডাৰীৱাল, কালভাৰ্ট

জনিয়া, 16 মে’: কলগাছিয়াত নিৰ্মাণৰ পিছতেই বৰষুণত ভাঙিল এখন দেৱাল (Wall collapses due to heavy rain ) ৷ জানিব পৰা মতে, জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়া আৰক্ষী থানাৰ বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰা হৈছিল ৷ এই ৱাল নিৰ্মাণ কৰাৰ বাবদ MGNREGA আঁচনিৰ অধীনত 16,83,153 টকা ব্যয় কৰা হৈছিল ৷

কলগাছিয়া গাওঁপঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই কলগাছিয়া আৰক্ষী থানাৰ পিছফালে এই ৱালখন নিৰ্মাণ কৰিছিল ৷ পিছে লাখ টকীয়া এই ৱালখন এজাক বৰষুণতে ভাঙি পৰিল ৷ ইফালে সৰভোগ জনিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত SDRF আঁচনিৰ 2020-21 বৰ্ষৰ অধীনত অনুমোদিত কলগাছিয়া আৰক্ষী থানাৰ সন্মুখৰ পথটোত সদ্য নিৰ্মাণ কৰা কালভাৰ্টটোও এজাক বৰষুণৰ পানীত জহিখহি যায় ৷

ফলত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা ৷ সম্প্ৰতি দুয়োটা নিম্নমানৰ কামক কেন্দ্ৰ কৰি ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । স্থানীয় ৰাইজে জনোৱা মতে, জনিয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ একাংশ ঘনিষ্ট লোকে এই কালভাৰ্টটো নিৰ্মাণ কৰাৰ ঠিকা লাভ কৰিছিল (Allegation against MLA Dr. Hafiz Rafiqul Islam) ৷ ফলত বিভাগীয় তদন্ত দাবী কৰিছে ৰাইজে ।

লগতে পঢ়ক : প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.