ETV Bharat / state

বৰপেটাত খচৰা ভোটাৰ তালিকা প্ৰকাশ - বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়

ৰাজ্যজুৰি প্ৰকাশ কৰা হ’ল খচৰা ভোটাৰ তালিকা ৷ বৰপেটা জিলাতো প্ৰকাশ হ’ল ভোটাৰ তালিকা ৷

voters list published in barpeta
বৰপেটাত খচৰা ভোটাৰ তালিকা প্ৰকাশ
author img

By

Published : Nov 1, 2021, 6:06 PM IST

বৰপেটা, ১ নৱেম্বৰ : সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰকাশ কৰা হৈছে খচৰা ভোটাৰ তালিকা ৷ বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো সোমাবাৰৰ দিনটোত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ উপস্থিতিত বৰপেটা জিলাৰ ছটাকৈ বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷

বৰপেটাত খচৰা ভোটাৰ তালিকা প্ৰকাশ

সোমাবাৰে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত মুঠ 11,60,280 গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে ৷ ইয়াৰে 5,60,378 গৰাকী মহিলা ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা 5,96,902 গৰাকী ৷ জিলা উপায়ুক্তই জনোৱা মতে, অহা ৩০ নৱেম্বৰলৈকে ৰাজ্যবাসীয়ে ভোটাৰ তালিকাত নতুনকৈ নিজৰ নাম অন্তৰ্ভুক্তি আৰু ভোটাৰ তালিকাত থকা ভোটাৰৰ নাম বা আন যিকোনো তথ্য শুদ্ধ বা আঁসোৱাহ দূৰ কৰাৰ লগতে ভোট সলনি কৰিব পাৰিব ৷

গণতন্ত্ৰৰ সঠিক ৰূপায়ণৰ বাবে ১৮ বছৰৰ সকলো লোককে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ আহ্বান জনাইছে জিলা উপায়ুক্তগৰাকীয়ে ৷ ইপিনে বৰপেটা জিলাত প্ৰথম পালি ক'ভিড ভেকচিন প্ৰদান প্ৰায় সম্পূৰ্ণ হোৱা বুলি সদৰি কৰি দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে উপায়ুক্তই ৷

লগতে পঢ়ক : বিৰক্ত জনতা : উপ নিৰ্বাচনে দি গ’ল কিহৰ ইংগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.