ETV Bharat / state

পৰ্যাপ্ত গ্ল'বেল এস্কপ'জাৰ লাভ কৰা নাই মানাহ ৰাষ্ট্ৰীয় উদ্যানে: উৰ্খাও গৌড়া ব্ৰহ্ম

author img

By

Published : Jan 20, 2021, 10:33 PM IST

বুধবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মই ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানক ভাৰত চৰকাৰৰ তৰফৰ পৰা গ্ল'বেল এস্কপ'জাৰৰ (Globel Exposure) ক্ষেত্ৰত বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাৰ কিছু অভাৱ দেখা দিয়া বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

as_bar_urkhao-goura-brahma-visitis-manas-national-park_vis_AS_10030
পৰ্যাপ্ত গ্ল'বেল এস্কপ'জাৰ লাভ কৰা নাই মানাহ ৰাষ্ট্ৰীয় উদ্যানে:উৰ্খাও গৌড়া ব্ৰহ্ম

বৰপেটাৰোড,20 জানুৱাৰী: মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ অন্যতম পৰ্যটন স্থলীৰূপে গঢ় দিবলৈ গ্লোৱেল এক্সপোজাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মৰ ৷ বুধবাৰে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যদিও ইয়াত কেতবোৰ সমস্যা নথকা নহয় ৷ উদ্যানখনত বিভাগীয় কৰ্মচাৰীৰ সংখ্যা কম আছে । এইক্ষেত্ৰত নতুন বিটিআৰ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় উৰ্খাও গৌড়া ব্ৰহ্মই ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত নিৰাপত্তাৰ দিশটো আৰু অধিক শক্তিশালী কৰি তুলিবলৈ পৰামৰ্শ আগবঢ়ায় । মানাহ ৰাষ্ট্ৰীয় উদ্যানক ভাৰত চৰকাৰৰ তৰফৰ পৰা গ্ল'বেল এস্কপ'জাৰৰ (Globel Exposure) ক্ষেত্ৰত বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাৰ কিছু অভাৱ দেখা দিয়া বুলিও মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

আনহাতে মানাহৰ, ভিতৰত যিধৰণে অতিথিশালা নিৰ্মান কৰা হৈছে , প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ী সোমাই অহাৰ ইয়াৰ ফলত প্ৰাকৃতিক পৰিৱেশ কিছু বিনষ্ট হৈছে ৷ ইয়াৰ পৰিমাণ বৃদ্ধি পালে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক চৰিত্ৰ হেৰাই যাব বুলি উদ্বেগ প্ৰকাশ কৰে প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মই । তেখেতে চৰকাৰীভাৱে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ উৰ্খাও গৌড়া ব্ৰহ্মৰ সৈতে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ইউ পি পি এল দলৰ নেতা বিনোদ মছাহাৰী, প্ৰদীপ সৰকাৰ, বিকন গয়াৰী, সত্যজিৎ বড়ো ,অকন দৈমাৰীকে ধৰি কেইবাগৰাকীও দলীয় নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক-গুৱাহাটী প্ৰেছ ক্লাৱত মহিলা সাংবাদিকক দুব্যৱহাৰ :কে.বিক্ৰম ৰাওৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.