ETV Bharat / state

চৰাইদেউত ঠিকাদাৰৰ লুন্ঠনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ - সাপেখাতী ৰেলৱে ষ্টেচন সংযোগী

সাপেখাতী ৰেলৱে ষ্টেচন সংযোগী একমাত্ৰ পথছোৱাৰ ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ তুলি ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোম যুৱ পৰিষদৰ উদ্যোগত স্থানীয় ৰাইজে ৷

চৰাইদেউত ঠিকাদাৰৰ লুন্ঠনৰ বিৰুদ্ধে অভিনব প্ৰতিবাদ

author img

By

Published : Jan 23, 2021, 8:35 AM IST

মৰাণ,23 জানুৱাৰীঃ চৰাইদেউৰ সাপেখাতীত অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত ৷ ৰেল বিভাগৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদৰ উদ্যোগত স্থানীয় ৰাইজে ৰাজপথৰ ওপৰতেই দিহানামৰ অনুষ্ঠান আয়োজন কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

উল্লেখযোগ্য যে, সাপেখাতী ৰেলৱে ষ্টেচন সংযোগী একমাত্ৰ পথছোৱাৰ ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ তুলি ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি প্ৰায় ডেৰ কিলোমিটাৰ পথছোৱা নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ফলত এতিয়া বখলা বখলে এৰোৱাৰ লগতে ভাঙি পৰিছে কালভাৰ্ট ৷ মনকৰিবলগীয়া যে, ৰাইজে এই প্ৰতিবাদৰ পাছতে চৰকাৰে উন্নয়নৰ বাবে অহা আঁচনিৰ ধন লুন্ঠন চলোৱা ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ কৃষি আইন সন্দৰ্ভত মোদী চৰকাৰক সমালোচনা বামপন্থী নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.