জনীয়া, 2 ডিচেম্বৰ : শেহতীয়াকৈ ৰাজ্যৰ প্ৰায়ভাগ বিশ্ববিদ্যালয়-মহাবিদ্যালয়তে চলিছে নিৰ্বাচনৰ বতাহ ৷ এইবাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে সংঘাত ৷ বুধবাৰে বৰপেটা জিলা পৰিমণ্ডল তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়(Union body election at Langla Higher Secondary School)। এই নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদটিত ৰিয়াজুল হক আৰু ইমদাদুল ইছলামে প্ৰতিদ্বন্দিতা আগবঢ়ায় ৷
এই নিৰ্বাচনৰ ফলাফলত সাধাৰণ সম্পাদকৰ পদত ৰিয়াজুল হকে প্ৰায় 221 টা ভোটৰ ব্যৱধানত ইমদাদুল ইছলামক পৰাজিত কৰে । ফলত নিৰ্বাচনত পৰাজয় বৰণ কৰা ইমদাদুল ইছলামে তেওঁৰ কিছুমান গুণ্ডা প্ৰকৃতিৰ সমৰ্থক আৰু স্থানীয় ব্যক্তিৰ সহযোগত বিজয়ী ৰিয়াজুল হকৰ সমৰ্থকৰ ওপৰত হঠাতে আক্ৰমণ চলায় ৷ এই আক্ৰমণৰ ফলত বিজয়ী ৰিয়াজুল হকৰ সমৰ্থক ৰাকিবুল ইছলাম, ছাহেব আলি, হুছেইন আহমেদ, ৰাজিবুল ইছলাম, কাউছাৰ আলি, তাকমিনা খাতুনকে ধৰি সাত গৰাকীকৈ ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰি কৰি আহত কৰে।
জানিব পৰা মতে, এই আক্ৰমণত জড়িত থাকে ছানোৱাৰ হুছেইন, ফাৰুক, অশ্বিম, ছাহিল আহমেদ, ৰহমত আলি আৰু লাংলা বি বি কলেজৰ ছাত্ৰ মজিবৰ ৰহমান ৷ সম্প্ৰতি আহত সকলৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীকে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে ৷ লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ চৰম ব্যৰ্থতা আৰু ছাত্ৰ নামধাৰী গুণ্ডাসকলৰ গুণ্ডাগিৰিক সচেতন মহলে ধিক্কাৰ জনোৱাৰ লগতে দোষীক শাস্তি বিহীবলৈ দাবী জনাইছে ।
উল্লেখ্য যে, মাৰপিটৰ এই কাণ্ড সংঘটিত হোৱাৰ সময়ছোৱাত ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকক ভিডিঅ’ সংগ্ৰহ কৰাতো বিদ্যালয় কৰ্তৃপক্ষই বাধা প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক : Gauhati University Election Result: সভাপতি পদত আছু আৰু সাধাৰণ সম্পাদকৰ পদত NSUI প্ৰাৰ্থীৰ জয়লাভ