ETV Bharat / state

কাৰ ছত্ৰছাঁয়াত বেঁকী নৈৰ সুঁতিত চলিছে বালিৰ চিণ্ডিকেট ?

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী গাঁৱৰ বেঁকী নৈৰ সুঁতিত একাংশ ভূ-মাফিয়াই বন বিষয়াৰ লগত মিতিৰালি কৰি দীৰ্ঘদিনৰ পৰা নৈৰ বুকুত খনন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বেঁকী নৈৰ সুঁতিত ১০ ফুট দকৈ খনন কৰাৰ ফলত সুঁতিৰ দুয়ো পাৰ খহি যোৱাৰ লগতে জচিম উদ্দিন নামৰ লোকজনৰ ম্যাদী পট্টাৰ ভূমিও সুঁতিত জাহ গৈছে ৷

কাৰ নেতৃত্বত বেঁকী নৈৰ সুতিত চলিছে খনন ?

author img

By

Published : Apr 18, 2021, 11:09 AM IST

জনিয়া, 18 এপ্ৰিল : জনিয়াত বন বিভাগ তথা জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত অবৈধ বালিৰ খনন কাৰ্য চলাৰ অভিযোগ উত্থাপন হৈছে ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী গাঁৱৰ বেঁকী নৈৰ সুঁতিত একাংশ ভূ-মাফিয়াই বন বিষয়াৰ লগত মিতিৰালি কৰি দীৰ্ঘদিনৰ পৰা নৈৰ বুকুত খনন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক ৰাইজে বিষয়টো সন্দৰ্ভত অভিযোগ দাখিল কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে লোক সকল ৷

কাৰ নেতৃত্বত বেঁকী নৈৰ সুতিত চলিছে খনন ?

ভূ-মাফিয়াই ৰাইজৰ অভিযোগক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজ ইচ্ছা অনুসৰি দিনে-নিশাই বালি খনন কাৰ্য চলাই যোৱাৰ ফলতে চপৰা চপৰে খহি গৈছে সুঁতিৰ দুয়ো পাৰ ৷ ইফালে ১০ ফুট দকৈ খনন কৰাৰ ফলত সুঁতিৰ দুয়ো পাৰ খহি যোৱাৰ লগতে জচিম উদ্দিন নামৰ লোকজনৰ ম্যাদী ভূমিও সুঁতিত জাহ গৈছে ৷ জচিম উদ্দিনে বাৰাম্বাৰ ভূ-মাফিয়াক খনন চলাবলৈ মানা কৰিছে যদিও কোনো কানসাৰ নিদিয়াত শনিবাৰে কলগাছিয়া আৰক্ষী থানাত কদ্দুছ আলি, ভূ-মাফিয়া জহুৰাল হক, ৰেশম আলী আৰু ইজাব উদ্দিনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক: ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ 39 টা চোৰাং পশুধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.