ETV Bharat / state

ভূৰৰ পৰা পৰি সলিল সমাধি দুই যুৱকৰ

বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ বৰঘোপা গাঁৱত শোকাৱহ ঘটনা ৷ থাৰ্মক’লৰ ভূৰৰ পৰা পৰি মৃত্যুক সাৱটিলে দুই যুৱকে ৷ মৃত দুই যুৱক গুৱাহাটী নুনমাটিৰ শালবাৰীৰ অবিনাশ নায়ক (২৩) আৰু হেমেন বসুমতাৰী (২০) বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Aug 10, 2020, 1:34 AM IST

ভূৰৰ পৰা পৰি কৰুণ মৃত্যুক সাৱটিলে দুই যুৱকৰ

বৰপেটা, ৯ আগষ্টঃ বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ বৰঘোপা গাঁৱত দেওবাৰে সংঘটিত হ‘ল এটি শোকাৱহ ঘটনা ৷ থাৰ্মক’লৰ ভূৰৰ পৰা পৰি মৃত্যুক সাৱটিলে দুই যুৱকে ৷ মৃত দুই যুৱক গুৱাহাটী নুনমাটিৰ শালবাৰীৰ অবিনাশ নায়ক (২৩) আৰু হেমেন বসুমতাৰী (২০) বুলি জানিব পৰা গৈছে ৷

অবিনাশ নায়ক আৰু হেমেন বসুমতাৰীৰ লগতে গুৱাহাটীৰ আন দুই বন্ধু সুৰজিৎ বড়ো আৰু হিমাংশু বড়োৰ সৈতে বৰঘোপা গাঁৱলৈ ফুৰিবলৈ আহিছিল ৷ গাঁৱৰ বন্ধুৰ ঘৰলৈ ফুৰিবলৈ আহি পথাৰৰ মাজৰ এটা পুখুৰীত গা ধুবলৈ গৈছিল চাৰিওজন বন্ধু ৷ পুখুৰীত গা ধুই থকা সময়তে অবিনাশ নায়ক আৰু হেমেন বসুমতাৰীয়ে এখন থাৰ্ম'কলৰ ভূৰত উঠি থকাৰ সময়তে থাৰ্ম'কলৰ ভূৰৰ পৰা পৰি সন্ধানহীন হৈ পৰে ৷

যুৱক দুজন পানীত বুৰ যোৱাৰ পিচতে দুই বন্ধুৰ লগতে গাঁওবাসীয়ে যুৱক দুজনক উদ্ধাৰৰ চেষ্টা চলায়ো ব্যৰ্থ হয় ৷ ইয়াৰ পাচত সৰ্থেবাৰীত থকা SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনৰ উদ্ধাৰৰ বাবে অভিযানত নামে ৷ প্ৰায় তিনিঘন্টা অভিযান চলোৱাৰ অন্তত যুৱকদ্বয়ৰ মৃতদেহ উদ্ধাৰ কৰে SDRF বাহিনীয়ে ৷

আৰক্ষীয়ে মৃতদেহ দুটা পৰিয়ালৰ লোক অহাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ চাৰিজন বন্ধু গুৱাহাটীৰ পৰা গাঁৱলৈ ফুৰিবলৈ অহাৰ পিচত এনেদৰে দুই যুৱকে মৃত্যুক সাৱটি ল’ব লগা হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়কঃ বাইহাটা মদনপুৰ টোল গেটৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.