ETV Bharat / state

বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী - লটাৰীৰ টিকটসহ আটক

বৰপেটাৰ পাঁচআলি চ'কত লটাৰীৰ কাউন্টাৰত চলোৱা আৰক্ষীৰ এই অভিযানত জব্দ ৬ লক্ষাধিক টকাৰ লটাৰীৰ টিকট ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই অবৈধ লটাৰী ব্যৱসায়ী দুজনক আটক কৰে ৷

illegal lottery seized in barpeta
বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী
author img

By

Published : Dec 6, 2020, 4:36 PM IST

বৰপেটা, ৬ ডিচেম্বৰঃ বৰপেটা চহৰত ৬ লক্ষাধিক টকাৰ লটাৰীৰ টিকটসহ আৰক্ষীয়ে আটক কৰিছে দুই অবৈধ লটাৰী ব্যৱসায়ী ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই অবৈধ লটাৰী ব্যৱসায়ী দুজনক আটক কৰে ৷

বৰপেটা চহৰৰ পাঁচআলি চ'কত লটাৰীৰ কাউন্টাৰত চলোৱা আৰক্ষীৰ এই অভিযানৰ সময়ত কেইবাজনো লোক পলাই সাৰিবলৈ সক্ষম হয় বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ৷ আনহাতে আৰক্ষীয়ে জব্দ কৰে লটাৰী ব্যৱসায়ীত ব্যৱহৃত কিছু সামগ্ৰী ৷

বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী

উল্লেখ্য যে, সত্ৰনগৰী বৰপেটাত দীৰ্ঘদিন ধৰি খোদ আৰক্ষীৰ সন্মুখতে মুকলিকৈ চলি থকা অবৈধ শেষ নম্বৰৰ লটাৰীৰ বিৰুদ্ধে বৰপেটা সদৰ থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়াজনে চলোৱ অভিযানক চহৰবাসীয়ে আদৰনি জনাইছে ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে শেষ নম্বৰৰ লটাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জনাইছে যদিও এই অভিযান কিমান দিনলৈ চলিব সেয়া সক্ষণীয় হ'ব ৷

লগতে পঢ়ক: সেনাৰ পোছাক পৰিধান কৰি নাৰমাৰীত দুৰ্বৃত্তৰ লুটপাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.