ETV Bharat / state

টকাৰ লোভত স্বয়ং মাতৃয়ে নাৰী সৰবৰাহকাৰীৰ হাতত গতালে কন্যাক - নাৰী সৰবৰাহকাৰী

যুৱতী দুগৰাকীক প্ৰথমে দিল্লীলৈ তাৰপাছত হাৰিয়ানাত ২১ হাজাৰ টকাত বিক্ৰী কৰা বুলি ইতিমধ্যে আৰক্ষীক স্বীকাৰোক্তি দিয়ে আটকাধীন যুৱকজনে ৷ পৰৱৰ্তী সময়ত হাৰিয়ানাৰ পৰা পলাই নিজ গৃহত উপস্থিত হৈ সমস্ত ঘটনা বিৱৰি কয় যুৱতীদ্বয়ে ৷

বৰপেটা
author img

By

Published : Jul 26, 2019, 9:01 PM IST

বৰপেটা, 26 জুলাইঃ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত গামাৰীগুৰী গাঁৱৰ দুগৰাকীকৈ যুৱতীক চলিত বৰ্ষৰ মে মাহত হাৰিয়ানাত বিক্ৰী কৰে ইনজামাউল হক নামৰ এজন নাৰী সৰবৰাহকাৰীয়ে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা হেতুকে উক্ত এগৰাকী যুৱতীৰ মাতৃ জয়মনা খাতুনে যুৱতীদ্বয়ক ইটাৰভিটা গাঁৱৰ ইনজামাউল হকৰ হাতত গতাই দিয়ে৷

যুৱতী দুগৰাকীক প্ৰথমে দিল্লীলৈ তাৰপাছত হাৰিয়ানাত ২১ হাজাৰ টকাত বিক্ৰী কৰা বুলি ইতিমধ্যে আৰক্ষীক স্বীকাৰোক্তি দিয়ে আটকাধীন যুৱকজনে ৷ পৰৱৰ্তী সময়ত হাৰিয়ানাৰ পৰা পলাই নিজ গৃহত উপস্থিত হৈ সমস্ত ঘটনা বিৱৰি কয় যুৱতীদ্বয়ে ৷

বৰপেটাৰোড আৰক্ষী থানা

হাউলীৰ ইনজামাউল হকক স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দি বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি এই কাৰ্যত জড়িত থকাৰ অভিযোগত মহিলাগৰাকীক আটক কৰে ৷ আটকাধীন ইনজামাউল হক আৰু জয়মনা খাতুনক শুকুৰবাৰে বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷

Intro:বৰপেটাৰোডৰ যুৱতীক হাৰিয়ানাত বিক্ৰী কৰা হাউলীৰ ইটাৰভিটা গাৱৰ ইনজামাউল হক(২৫) বৰপেটাৰোড আৰক্ষীয়ে আটক কৰে ৷Body:বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত গামাৰীগুৰী গাৱৰ দুগৰাকীকৈ যুৱতী কাঞ্চনমালা আৰু আকলিমা খাতুনক চলিত বৰ্ষৰ মে মাহত হাৰিয়ানাত বিক্ৰী কৰিছিল লম্পট ইনজামাউল হকে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা হেতুকে কাঞ্চনমালাৰ মাতৃ জয়মনা খাতুনে যুৱতী দুগৰাকীক ইটাৰভিটা গাৱৰ ইনজামাউল হকৰ হাতত গতাই দিছিল ৷ লম্পট ইনজামাউল হকে যুৱতী দুগৰাকীক ৰেলযোগে প্ৰথমে দিল্লীলৈ নি তাৰপাছত হাৰিয়ানাত ২১ হাজাৰ টকাত বিক্ৰী কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে আটকাধীন যুৱকজনে ৷ Conclusion:হাৰিয়ানাত বিক্ৰী কৰা যুৱতীদ্বয়ে হাৰিয়ানাৰ পৰা পলাই নিজ গৃহত আহি উপস্থিত হয় ৷ যুৱতীদ্বয়ে আহি সমস্ত ঘটনা বিৱৰি কোৱাত হাউলীৰ ইনজামাউল হকক স্হনীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দি বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি কাঞ্চনমালাৰ মাতৃ জয়মনা খাতুন এই কাৰ্যত জড়িত থকাৰ অভিযোগত বৰপেটাৰোড আৰক্ষীয়ে জয়মনা খাতুনকো আটক কৰে ৷ আটকাধীন ইনজামাউল হক আৰু জয়মনা খাতুনক শুক্ৰবাৰে বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.