ETV Bharat / state

বৰপেটাৰোডত আৰক্ষীৰ জালত দুজন জুৱাৰী - Two gamblers arrested

অপৰাধজনিত কাৰ্য-কলাপৰ বিৰুদ্ধে যেন এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ৷ ধাৰাবাহিকভাৱে ৰাজ্যৰ ভিন্ন স্থানত চলোৱা অভিযানত নিষিদ্ধ ঘোষিত বহু পৰিমানৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে বহু জুৱাৰী তথা তীৰ খেলুৱৈ ৷

two-gamblers-arrested-at-barpetaroad
বৰপেটাৰোডত আৰক্ষীৰ জালত দুজন জুৱাৰী
author img

By

Published : Jul 28, 2021, 12:22 PM IST

বৰপেটাৰোড,27 জুলাই : বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই কৰায়ত্ত কৰিছে দুজন জুৱাৰীক ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা জুৱাৰী দুজন ক্ৰমে চুলতান আলী আৰু ৰফিকুল ইছলাম ৷ দুয়োৰে ঘৰ বাক্সাৰ গোৱৰ্ধনাৰ জাখলিবিল পাথাৰত বুলি জানিব পৰা গৈছে ৷ এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে জুৱাৰীদ্বয়ক বৰপেটাৰোডৰ ৰেলৱে গেটৰ কাষৰ পৰা আটক কৰে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে, আটকাধীন জুৱাৰীদ্বয়ৰ পৰা এটা মোবাইল ফোন, এটা ষ্টেপুল, এখন তীৰ খেলৰ বহী, 15 খন লটাৰী বুক সহ নগদ 11 হাজাৰ টকা জব্দ কৰে ৷ বৰপেটাৰোড আৰক্ষীয়ে জুৱাৰীদ্বয়ক মঙলবাৰেই বৰপেটা আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, জুৱা খেল তথা নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ী তথা সৰৱৰাহকাৰী সকলৰ বিৰুদ্ধে এনেদৰে সময়ে সময়ে আৰক্ষীৰ অভিযান অব্যাহত থাকিব ৷ লগতে কোনো কাৰণতে অবৈধ কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলি সকীয়াই দিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী তথা জুৱা খেল,তীৰ খেল আদিৰ দৰে অবৈধ কাৰ্যকলাপ সমূহ নিৰ্মূল কৰাৰ বাবে অসম আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি কঠোৰ অভিযান চলাইছিল আৰক্ষীয়ে ৷ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক হৈছে ড্ৰাগছ,গাঞ্জা তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ীৰ লগতে তীৰ খেল তথা জোৱা খেলত জড়িত থকা কেইবাজনো জুৱাৰীক ৷

লগতে পঢ়কঃ মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ বাসগৃহত শোকাকুল পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.