ETV Bharat / state

বৰপেটাত আৰক্ষীৰ জালত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰী - ড্ৰাগছ সৰবৰাহকাৰী

তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) জ্যোতিষ দাসৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত চেঙা বেচিক বজাৰত অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী (drugs peddler) দুটাক ।

two-drugs-peddler-arrested-at-barpeta
বৰপেটাত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Jul 13, 2021, 10:30 PM IST

বৰপেটা, ১৩ জুলাই : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহ যুক্ত ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী (drugs peddler )। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে সৰ্থেবাৰী থানাৰ অন্তৰ্গত ভক্তৰডবাৰ মকিবুল ইছলাম(১৮) আৰু নলীগাঁৱৰ ৰাহুল আমিন(২১) বুলি জানিব পৰা গৈছে । মঙলবাৰে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত চেঙা বেচিক বজাৰত অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক ।

two-drugs-peddler-arrested-at-barpeta
বৰপেটাত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ১৯ টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, এটা চাবোনৰ খালি বাকচ, এটা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ পেকেট জব্দ কৰে ৷ লগতে AS-15-M-৯৮৩৬ নম্বৰৰ এখন TVS আপাচি বাইক জব্দ কৰে আৰক্ষীয়ে । ইপিনে প্লাষ্টিকৰ কন্টেইনাৰসহ জব্দ হোৱা সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনিৰ ওজন ৪০ গ্ৰাম হ’ব বুলি জানিব পৰা গৈছে । সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

আনহাতে তাৰাবাৰী আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী জ্যোতিষ দাসে জানিবলৈ দিয়ে । ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষী (Assam Police)য়ে প্ৰতিখন জিলাতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে দৈনিক অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ মাজতে অবৈধ ড্ৰাগছ ব্যৱসায়ীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিবলৈ প্ৰতিদিনেই ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

ৰাজ্যত জাৰি কৰা লক ডাউনৰ মাজতে এনেদৰে অবৈধ নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলি থকা ঘটনাসমূহে আচম্বিত কৰি তুলিছে সচেতন জনতাক ৷ উক্ত ড্ৰাগছ ব্যৱসায়ত পুৰুষৰ সমান্তৰালকৈ মহিলাও জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে পুৰুষৰ লগতে বহুকেইগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীকো আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ভয়ংকৰ : অসমৰ যুৱক-যুৱতীক দিল্লীলৈ নি ৰূপান্তৰ কৰা হয় কিন্নৰলৈ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.