ETV Bharat / state

Azadi ka Amrit Mahotsav: বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী - Bike Rally in Barpeta

স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav) উপলক্ষে বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত বাইক ৰেলীৰে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস(Bike Rally in Barpeta) । বৰপেটা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত উলিওৱা হয় এই সজাগতা ৰেলী ।

triranga yatra at sarthebari
বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী
author img

By

Published : Aug 11, 2022, 7:53 PM IST

বৰপেটা,১১ আগষ্ট: ৭৫ তম স্বাধীনতা দিৱস(75th Independence Day) উপলক্ষে ভাৰত চৰকাৰে উদযাপন কৰা 'স্বাধীনতাৰ অমৃত মহোৎসৱ'(Azadi ka Amrit Mahotsav)ৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে 'হৰ ঘৰ ত্ৰিৰংগা'(Har Ghar Triranga) শীৰ্ষক সজাগতামূলক অভিযান । জিলাখনৰ বিভিন্ন থানা এলেকাত আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত চলিছে এই সজাগতামূলক অভিযান(Bike Rally in Barpeta) ।

বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী

ইতিমধ্যে বৰপেটা ৰোড, হাউলী, সৰভোগ, বৰপেটা সদৰ আদি এলেকাত সজাগতামূলক বাইক ৰেলী অনুষ্ঠিত কৰাৰ পিছত বৃহস্পতিবাৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত সৰ্থেবাৰী থানা এলেকা আৰু তাৰাবাৰী আৰক্ষী থানা এলেকাত 'হৰ ঘৰ ত্ৰিৰংগা' শীৰ্ষক সজাগতামূলক অভিযান চলায় । এক বৃহৎ বাইক ৰেলীৰে এই অভিযান চলায় বৰপেটা জিলা আৰক্ষী প্ৰশাসনে ।

বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই নিজেই বাইক চলাই এই ৰেলীত অংশগ্ৰহণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনোৱা অনুসৰি তেনেধৰণে 'স্বাধীনতাৰ অমৃত মহোৎসৱ' পালন কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই । ইয়াৰ উপৰিও প্ৰতিখন ঘৰতে ত্ৰিৰংগ পতাকা উৰুৱাই স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক: Demand for investigation: স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবী চৰাইদেউ আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.