বৰপেটা, ১৭ মে': নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত সোমবাৰে পৰাগ কুমাৰ দাসৰ ২৫ সংখ্যক মৃত্যু বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নলবাৰী-বৰপেটা জিলাৰ সীমান্তবৰ্তী সাংবাদিক সন্থা 'ডি,চি সীমান্ত' প্ৰেছ ক্লাৱে । নিৰ্ভীক, বলিষ্ঠ সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰক্ষেত্ৰীৰ জ্যেষ্ঠ সাংবাদিক লীলাধৰ পাঠকে । পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সদস্য তফিকুৰ ৰহমানে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডি,চি সীমান্ত প্ৰেছ ক্লাৱৰ সদস্য ক্ৰমে জয়ন্ত ডেকা, সুৰজিৎ পাঠক, সূৱৰ্ণা বৈশ্য, মইদুল ইছলাম, দীলিপ তালুকদাৰ, চিন্ময় ডেকা, যুৱ অধিবক্তা খঞ্জনজ্যোতি পাঠককে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি প্ৰয়াত পৰাগ কুমাৰ দাসলৈ পুষ্পাঞ্জলি প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰয়াত পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ লগত জৰিত অপৰাধীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰলৈ আহ্বান জনাইছে জ্যেষ্ঠ সাংবাদিক লীলাধৰ পাঠকে ।
লগতে পঢ়ক : কভিড-১৯ত আক্ৰান্ত হৈ আবছুৰ প্ৰাক্তন সভাপতিৰ মৃত্যু