বৰপেটা, ১ মে’: অসমৰ সু-সন্তান, নলবাৰীৰ নিৱাসী তথা কৰ্ণাটকৰ নেচনেল ইনষ্টিটিউট অৱ টেকন'লজিৰ জ্যেষ্ঠ অধ্যাপক ড৹ পৰেশ চন্দ্ৰ ডেকাই অতিমাৰী কৰ’ণাত আক্ৰান্ত হৈ বিগত ২৮ এপ্ৰিলত কৰ্ণাটকৰ মাংগালোৰৰ শ্ৰীনিৱাস ইনষ্টিটিউট অৱ মেডিকেল কলেজ হাস্পাতালত মৃত্যু হয় ।
মাক্স, চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে কভিট প্ৰ’ট'কল মানি প্ৰায়ত ড৹ পৰেশ চন্দ্ৰ ডেকাৰ আত্মাৰ সদগতি কামনা শুকুৰবাৰে সন্ধিয়া বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত নলবাৰী জিলাৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অশ্ৰু-অঞ্জলি শীৰ্ষক এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।
গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকে । ৬ নং চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত প্ৰয়াত পৰেশ চন্দ্ৰ ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰে পৰেশ চন্দ্ৰ ডেকাৰ আত্মীয় মৃত্যুঞ্জয় পাঠকে ।
ইয়াৰ পিছতে প্ৰয়াত ডেকাৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । বিৰিণা গোষ্ঠী অসমৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট কবি-সাহিত্যিক, সমালোচক ইছমাইল হোছেইনে ভাৰ্চুৱেল পদ্ধতিৰে প্ৰয়াত ডেকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ড৹ পৰেশ চন্দ্ৰ ডেকাৰ মৃত্যু ভাৰতৰ কাৰিকৰী শিক্ষাৰ বাবে বিস্তৰ ক্ষতি বুলি উল্লেখ কৰে ।
স্মৃতিচাৰণ সভাখনত প্ৰয়াত ডেকাৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজীৰ ওপৰত কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে । ইয়াৰ উপৰিও কৰ’ণাত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি সমূহীয়া বন্তি প্ৰজ্বলনো কৰে ।
লগতে পঢ়ক: কৰ’ণাৰ বাবে চিকিৎসাৰ অভাৱত ঘৰতে আৱদ্ধ মেধাৱী ছাত্ৰ ৰাজেশ