ETV Bharat / state

মাজদিয়াত হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : May 19, 2021, 2:08 PM IST

অসমীয়া সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি জনাই বৰপেটা জিলাৰ মাজদিয়াত বুধবাৰে অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকি হোমেন বৰগোহাঞিলৈ পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতৰ জীৱন-দৰ্শন, সাহিত্যৰ ওপৰত বিস্তৃত বক্তব্য প্ৰদান কৰে ।

Tribute ceremony held at Majdia to Homen Bargohain
মাজদিয়াত অনুষ্ঠিত হ'ল হোমেন বৰগোহাঁঞিলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বৰপেটা,১৯ মে': বৰপেটাৰ মাজদিয়াত বুধবাৰে অনুষ্ঠিত হয় অসমীয়া সাহিত্য আৰু সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । মাজদিয়া-গৰেমাৰী নৱজাগৰণ মঞ্চৰ উদ্যোগত মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তথা কবি তফিকুৰ ৰহমানে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ।

Tribute ceremony held at Majdia to Homen Bargohain
মাজদিয়াত হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি

হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক চৈয়দ লতিফুৰ ৰহমানে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট কবি জিয়াউৰ ৰহমানে । অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকি হোমেন বৰগোহাঞিলৈ পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতৰ জীৱন-দৰ্শন, সাহিত্যৰ ওপৰত বিস্তৃত বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক: অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.