ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - top ten news at 3 pm

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 14, 2021, 3:00 PM IST

1.অষ্টমীত ম'হৰ গাড়ী, নৱমীত ই ৰিক্সা : ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

কেতিয়াবা যদি ম'হৰ গাড়ী, কেতিয়াবা আকৌ ই ৰিক্সা । অষ্টমী আৰু নৱমী পূজাৰ দিন দুটা ম'হৰ গাড়ী আৰু ই ৰিক্সাৰেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় কংগ্ৰেছ দলে ।

2.অষ্টমীত ম'হৰ গাড়ী, নৱমীত ই ৰিক্সা : ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

3.৩.৩ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

বৃহস্পতিবাৰে দুপৰীয়া এক ভূমিকম্পই জোকাৰি যায় ৰাজ্য । ভূমিকম্পৰ উৎপত্তিস্থল আছিল লখিমপুৰ জিলা । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 3.3 ৷ দিনৰ ১১ বাজি ০৬ মিনিটত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি ৷

4.ৰাজ্যবাসীলৈ সকাহ : ৰাজ্যত নহয় বিদ্যুতৰ নাটনি

অসম শক্তি বিতৰণ কোম্পানীয়ে সোমবাৰে ৰাজ্যত পূজাৰ বতৰত লোড শ্বেডিঙৰ আশংকাক লৈ এক জাননী জাৰি কৰিছিল ৷ ইয়াৰ পিছতে ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে বুধবাৰে মৰাণত শক্তিমন্ত্ৰী বিমল বৰাই ৰাজ্যত বিদ্যুতক লৈ সৃষ্টি হোৱা সমস্যাৰ শক্তি বিভাগে সমাধান কৰাৰ কথা জানিবলৈ দিয়ে ৷

5.মহাষ্টমীৰ নিশা জনসমুদ্ৰত পৰিণত যোৰহাট গড়আলি

ক’ভিড ভয়াবহতাক লৈ যেন এতিয়াও সজাগ নহয় জনতা ৷ মহাষ্টমীৰ নিশা ইয়াকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে যোৰহাটবাসীয়ে ৷ চৰকাৰী ক’ভিড নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ অধিকাংশ ভক্তপ্ৰাণ ৰাইজৰ ৷

6.পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

বিগত এসপ্তাহ দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ মঙলবাৰ আৰু বুধবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ কোনো ধৰণৰ সালসলনি হোৱা নাছিল ৷ কিন্তু ইয়াৰ মাজতে বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

7.ধুবুৰীত ছমাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সন্ধিয়া ধুবুৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ নিৰ্মাণথলীত উপস্থিত হয় । দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

8.ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে উজ্জীৱিত অভয়াপুৰীৰ পূজাথলী

ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচাৰণ, উৰুলি, শংখধ্বনিৰে সম্প্ৰতি মুখৰিত হৈ আছে ৰাজ্যৰ চৌদিশ ৷ আজি মহানৱমী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বঙাইগাঁৱৰ বহু স্থানত উদযাপিত হৈছে দুৰ্গোৎসৱ ৷ শাৰদীয় দুৰ্গা পূজা উপলক্ষে অভয়াপুৰীৰ পূজাথলীসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয় ভক্তৰ ৷

9.শিৱসাগৰত পথ দুৰ্ঘটনা : দুজন নিহত

শিৱসাগৰৰ ৰুদ্ৰপ্ৰয়াগৰ মানকটাত সংঘটিত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু ৷ নিহত যুৱকদ্বয় ক্ৰমে ৰুদ্ৰসাগৰৰ ৰিজুমণি দাস আৰু নিবেদন শৰ্মা বুলি চিনাক্ত ৷ দুৰ্ঘটনাৰ ফলত আহত বলিয়াঘাটৰ মৃণাল শৰ্মা ৷

10.মাস্ক পৰিধান কৰি দেৱীৰ আশীষ ল’লে বৰপথাৰৰ ধৰ্মপ্ৰাণ ৰাইজে

চৰকাৰে জাৰি কৰা ক'ভিড সম্পৰ্কীয় বিধি মানি মা দুৰ্গাৰ আশীষ লোৱাৰ সমান্তৰালকৈ সকলোৱে উপভোগ কৰিছে দুৰ্গা পূজা ৷ গোলাঘাটৰ সৰুপথাৰ, বৰপথাৰতো ব্যাপক উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ মাটিখোলা বৰপথাৰ বাৰোৱাৰী পূজা মণ্ডপতো দুৰ্গা পূজাক কেন্দ্ৰ কৰি সৃষ্টি হয় উখল-মাখল পৰিৱেশ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.